দুর্গোৎসৱত মহানগৰীত যান-বাহন আইন উলংঘাৰ ২৮শটা ঘটনা

traffi

ক’ভিডৰ নীতি-নির্দেশনাৰ মাজেৰে অনুষ্টুপীয়াকৈ আয়ােজিত এইবাৰ দুর্গা পূজাৰ দিনকেইটাত ৰাজধানী মহানগৰীত ব্যাপক হাৰত উলংঘা হয় যান-বাহন আইন। বর্ষাবিঘ্নিত সেমেকা পৰিৱেশত ষষ্ঠীৰ বেদীত দেৱী দুর্গা প্রতিমা প্রতিষ্ঠা কৰাৰ পৰা দশমীৰ বিসর্জন পর্যন্ত সীমিত আনন্দ-উল্লাসৰ মাজেৰে ৰাজ্যবাসীয়ে উদযাপন কৰা এইবাৰ দুর্গোৎসৱৰ দিনকেইটাত মহানগৰীত সৰ্বমুঠ ২,৮৫৪টা আইন উলংঘাৰ ঘটনা সংঘটিত হােৱা বুলি আৰক্ষী সূত্রই সদৰী কৰিছে ।

অৱশ্যে ইয়াৰে ৪৬০টা ঘটনাৰ বাবদ যান-বাহন আৰক্ষীয়ে জৰিমনা সংগ্রহ কৰাৰ বিপৰীতে ২,৩৯৪ টা ঘটনা আদালতলৈ প্ৰেৰণ কৰে । মহানগৰ যান-বাহন আৰক্ষীৰ শীর্ষ সূত্রই সদৰী কৰা তথ্য অনুসৰি, যােৱা এসপ্তাহত অর্থাৎ ২০ অক্টোবৰৰ পৰা কালি পর্যন্ত মহানগৰীত মুঠ ৩,৪৯৪টা যান-বাহন আইন উলংঘাৰ ঘটনা সংঘটিত হৈছে আৰু ইয়াৰে ৬৮০ টা ঘটনাৰ বিনিময়ত মুঠ ৭ লাখ ৪৪ হেজাৰ টকা জৰিমনা সংগ্ৰহ কৰা হৈছে ।

এই এসপ্তাহত মুঠ ২৬৪ খন বাহন জব্দ কৰাৰ বিপৰীতে আদালতলৈ মুঠ ২,৮১৪ গােচৰ প্ৰেৰণ কৰা হৈছে বুলি সূত্ৰটোৱে সদৰী কৰে । শাৰদীয় দুর্গোৎসৱৰ পাঁচটা দিনত মহানগৰ যান-বাহন আৰক্ষীয়ে ১৯২ খন বাহন জব্দ কৰাৰ তথ্য সদৰী কৰিছে। ষষ্ঠীৰ দিনটো অর্থাৎ ২২ অক্টোবৰত ১১৪ টা আইন ভংগৰ ঘটনাৰ বিপৰীতে এক লাখ চাৰি হেজাৰ পাঁচশ টকা জৰিমনা সংগ্রহ কৰাৰ লগতে ৩৯ খন বাহন জব্দ আৰু ২০৯ টা ঘটনা আদালতলৈ প্ৰেৰণ কৰে ।

একেদৰে সপ্তমীৰ দিনটোত ৯৮ টা ঘটনাৰ বিপৰীতে এক লাখ ১৬ হেজাৰ জৰিমনা, ৫১৯টা ঘটনা আদালতলৈ আৰু ৫০ খন বাহন জব্দ, ২৪ অক্টোবৰ তথা অষ্টমীৰ দিনত ৯৬ টা ঘটনাৰ বিপৰীতে এক লাখ ২৪ হেজাৰ জৰিমনা, ২৬ খন বাহন জব্দ, ৭৪৬টা ঘটনা আদালতলৈ প্ৰেৰণ কৰে যান-বাহন আৰক্ষীয়ে ।

উল্লেখ্য যে নৱমীৰ দিনটোত মহানগৰীত কিছু পৰিমাণে জন সমাগম সৃষ্টি হৈছিল যদিও নাছিল পূর্বৰ পূজাৰ পৰিৱেশ। এই দিনটোতাে যান-বাহন আৰক্ষীয়ে সর্বাধিক এক লাখ ৪৩ হেজাৰ জৰিমনা ১০১ টা ঘটনাৰ বাবদ সংগ্রহ কৰাৰ সমান্তৰালভাৱে ৫৭১ টা আইন ভংগৰ ঘটনা আদালতলৈ প্ৰেৰণ কৰি ৪৭ খন বাহন জব্দ কৰে। একেদৰে দশমী তথা কালিৰ দিনটোত মহানগৰৰ যান-বাহন আৰক্ষীয়ে ৫১ টা ঘটনাৰ বাবদ ৫৬ হেজাৰ জৰিমনা সংগ্রহ, ১৯৬ টা ঘটনা আদালতলৈ প্ৰেৰণ আৰু ৩০ খন বাহন জব্দ কৰে ।

ইফালে, পূজাৰ দিনকেইটাত মহানগৰীৰ তিনি আৰক্ষী জিলাত সৰ্বমুঠ ১৭ টা পথ দুর্ঘটনা সংঘটিত হয়। ইয়াতে তিনিটা ভয়ংকৰ পথ দুর্ঘটনাত পৃথকে পৃথকে তিনিজন লােকে মৃত্যুক আঁকোৱালি লােৱাৰ বিপৰীতে অন্য ১৪ টা পথ দুর্ঘটনাত ১২জন লোেক আঘাতপ্রাপ্ত হয় ।

আৰক্ষী সূত্রই প্রকাশ কৰা তথ্য অনুসৰি, নুনমাটি, জালুকবাৰী আৰক্ষী থানা আৰু জালুকবাৰী আৰক্ষী চকীৰ অন্তৰ্গত তিনিস্থানত সংঘটিত পৃথক দুর্ঘটনাত তিনিজন লােকৰ মৃত্যু হােৱাৰ বিপৰীতে সংশ্লিষ্ট থানা তথা পাণবজাৰত এটা, বশিষ্ঠত দুটা, সােণাপুৰত এটা, জালুকবাৰীত পাঁচটা, জালুকবাৰী (আৰক্ষী চকী)ত তিনিটা আৰু আজাৰা আৰক্ষী থানাৰ অন্তৰ্গত স্থানত সংঘটিত দুটা দুর্ঘটনাসহ মুঠ ১৪ টা দুর্ঘটনাত ১২ জন লােক আঘাতপ্রাপ্ত হােৱাৰ তথ্য সদৰী কৰিছে যান-বাহন আৰক্ষীয়ে।

Exit mobile version