ক’ভিড সম্পৰ্কীয় নীতি নিয়ম ভংগ কৰাৰ পৰিপ্ৰেক্ষিতত কৰিমগঞ্জৰ তিনিখনকৈ পূজা কমিটিৰ বিৰুদ্ধে গোচৰ

Screenshot 31

ক’ভিড নিয়ম ভংগ কৰাৰ অভিযোগত কৰিমগঞ্জৰ তিনিখনকৈ পূজা কমিটিৰ বিৰুদ্ধে গোচৰ তৰিব জিলা প্ৰশাসনে । এক আছুতীয়া সাক্ষাৎকাৰত এই কথা সদৰী কৰে কৰিমগঞ্জৰ জিলা উপায়ুক্ত আনবামুথান এম পিয়ে ।

উল্লেখ্য যে, এই সন্দৰ্ভত ইতিমধ্যে প্ৰশাসনে কৰিমগঞ্জৰ পূজা কমিটিৰ সৈতে তিনিবাৰ সভাত মিলিত হৈছিল । বহু সংখ্যক লোক আৰু উচ্চ স্বৰৰ গীত বজাই দশমী উদযাপন কৰিব নোৱাৰিব বুলি প্ৰশাসনে নিৰ্দেশনা জাৰি কৰাৰ পাছতো জিলাখনৰ তিনিটা ক্লাবে নিৰ্দেশ নামানি উদযাপন কৰে । ফলস্বৰূপে ক’ভিড আইন অনুসৰি তিনিখনকৈ পূজা কমিটিৰ বিৰুদ্ধে প্ৰশাসনে উচিত ব্যৱস্থা ল’ব বুলি জানিবলৈ দিয়ে ।

Exit mobile version