কাইলৈ লক্ষ্মীপূজা : তেজপুৰত এটা পদুমকলি বিক্ৰী হৈছে ২৫ টকাত

freepressjournal import 2017 10 Laksmi puja

কৰ’না কালৰ অর্থনৈতিক মন্দাৱস্থাৰ মাজতেই কাইলৈ পালন কৰা হ’ব লক্ষ্মী পূজা । পূজা উপলক্ষে সমগ্ৰ ৰাজ্যৰ লগতে তেজপুৰৰ বজাৰত আজি কিছু ভিৰ পৰিলক্ষিত হয় ৷ পূজাৰ আগৰ দিনটোতে লক্ষ্মী প্রতিমাৰ লগতে আমপাত, ধানৰ চিৰা তথা পদুম ফুল আদি ক্রয় কৰে বহু সংখ্যক লােকে ৷

সম্প্ৰতি ৰাজ্যত পাচলিকে ধৰি খাদ্য সামগ্ৰীৰ ব্যাপক মূল্যবৃদ্ধিয়ে সর্বসাধাৰণক জুৰুলা কৰাৰ সময়ত এইবাৰ মহালক্ষ্মী পূজাত ব্যৱহাৰ হােৱা সামগ্ৰীকে ধৰি প্ৰয়ােজনীয় প্রতিবিধ সামগ্ৰীৰ মূল্যও দুগুণে বৃদ্ধি পাইছে ৷ ধানৰ দুটা তিনিটা চিৰাৰ মূল্য ২০টকা হােৱাৰ বিপৰীতে আমপাতৰ দুই-তিনিটা সৰু ডালৰ মূল্য ১৫-২০টকাৰ উপৰি একোটা পদুম ফুলৰ কলিৰ মূল্য ২০-২৫টকাত বিক্ৰী হৈছে ৷ একেদৰেই একোটা নাৰিকল আজি তেজপুৰত বিক্ৰী হৈছে ৮০টকা মূল্যত ।

উল্লেখ্য যে,এইবাৰ বহুসংখ্যক দুর্গাপূজা মৃন্ময় প্রতিমা অবিহনেই অনুষ্ঠিত হ’ল যদিও লক্ষ্মীপূজাৰ বাবে মৃন্ময় প্রতিমাৰ মূল্য তেজপুৰত বহুলাংশে বৃদ্ধি পোৱা পৰিলক্ষিত হয়।

Exit mobile version