৭ নৱেম্বৰত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা এটা পৃথিৱী পৰ্যবেক্ষণ চেটেলাইট আৰু ৯ টা আন্তঃৰাষ্ট্ৰীয় কাষ্টমাৰ স্পেচক্ৰাফ্ট কৃত্ৰিম উপগ্ৰহ উৎক্ষেপন কৰিব বুলি প্ৰকাশ কৰিছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই ৷ ৭ নৱেম্বৰত শ্ৰীহৰিকোটাৰ পৰা বিয়লি ৩.০২ মিনিটত কৃত্ৰিম উপগ্ৰহ কেইটা উৎক্ষেপণ কৰা হ’ব ৷ অৱশ্যে কৃত্ৰিম উপগ্ৰহ কেইটা উৎক্ষেপন কৰা সন্দৰ্ভত বতৰৰ ওপৰতহে নিৰ্ভৰ কৰিব ৷
#ISRO #PSLVC49 set to launch #EOS01 and 9 Customer Satellites from Satish Dhawan Space Centre in Sriharikota at 1502 Hrs IST on Nov 7, 2020, subject to weather conditions.
For details visit: https://t.co/0zULuciUep pic.twitter.com/VFPxWNdPKe
— ISRO (@isro) October 28, 2020
আনহাতে ISROৰ তৰফৰ পৰা প্ৰকাশ কৰা অনুসৰি পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহটোৱে কৃষি, বন আৰু দুৰ্যোগ প্ৰশমনৰ হকে কাম কৰিব ৷ উল্লেখযোগ্য যে ইছৰোৰ অধ্যক্ষ কে শিবানে কয় যে চলিত বৰ্ষত ১০ টা অভিযানৰ পৰিকল্পনা কৰা হৈছিল যদিও কৰ’না মহামাৰীৰ পৰিপ্ৰেক্ষিতত সকলো পৰিকল্পনা বাতিল কৰা হয় ।