চৰকাৰ-বন বিভাগৰ ওপৰত ভৰসা কৰিবলৈ বাদ দি ওচৰত ভগৱানৰ শৰণাপন্ন পুখুৰীয়াবাসী ৰাইজ

dibya 3

এপাল বনৰীয়া হাতীক লৈ ভয়াৱহ সমস্যাৰ সন্মুখীন হৈছে মৰিয়নিৰ সমীপৰ পুখুৰীয়া অঞ্চলৰ ৰাইজ । বনৰীয়া হাতীৰ উপদ্ৰৱৰ বাবেই ইতিমধ্যে শ শ বিঘা পথাৰত খেতি কৰিবলৈ বাদ দিলে কৃষকে । উল্লেখ্য যে, কাষৰীয়া হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ এটা বৃহৎ পালে উপদ্ৰৱ চলাই খেতি পথাৰকে ধৰি ঘৰ-বাৰীৰ বিস্তৰ ক্ষতিসাধন কৰিছে । আনহাতে, দুদিন পূৰ্বে অঞ্চলটোৰ প্ৰায় ১২৫ বছৰীয়া পুৰণি এটা নামঘৰ ভাঙি তচনচ কৰে হাতীৰ পালটোৱে ।

সম্প্ৰতি প্ৰায় ২৫০ বিঘা ধাননি পথাৰ তহিলং কৰিছে হাতীৰ পালটোৱে । এই সন্দৰ্ভত অসম চৰকাৰ আৰু বন বিভাগক আবেদন কৰিও সুফল পোৱা নাই ৰাইজে । উল্লেখ্য যে, হাতীৰ পালটোক খেদিব পৰাকৈ উপযুক্ত বনকৰ্মী, বন্দুক আৰু প্ৰয়োজনীয় গুলীৰ অভাৱ বিভাগটোৰ । আনহাতে নিম্নমানৰ গুলী যোগান ধৰাৰ বাবে সময়ত গুলী নুফুটাৰ ঘটনা সঘনাই সংঘটিত হৈছে । তাৰ মাজতেই ধাননিৰ মাজৰ পৰা হাতীৰ পালটোক খেদিবলৈ চেষ্টা অব্যাহত ৰাখিছে বনকৰ্মীয়ে ।

ইফালে, অঞ্চলটোৰ ৰাইজে চৰকাৰ আৰু বন বিভাগৰ প্ৰতি ক্ৰমশঃ আস্থা হেৰুৱাই পেলাইছে । তথাপি বিভাগটোক সহযোগ আগবঢ়াবলৈ প্ৰস্তুত ৰাইজ । আজি অঞ্চলটোৰ ৰাইজ একত্ৰিত হৈ বিয়লি ভোগদৈ নৈৰ কাষত বনৰীয়া হাতী আহ-যাহ কৰা স্থানত শৰাই আগবঢ়ায় । সম্পূৰ্ণ ধৰ্মীয় নীতিৰে হাতীপালৰ উপদ্ৰৱৰ পৰা অঞ্চলটোৰ ৰাইজ আৰু সম্পত্তিক ৰক্ষা কৰিবলৈ অঞ্চলটোৰ ৰাইজে প্ৰাৰ্থনা জনায় ।

ৰাইজে হাতীৰ পালটোলৈ শৰাই আগবঢ়োৱাৰ সময়তে হাতীৰ পালটোৱে কিছু দূৰত বিচৰণ কৰি আছিল । শৰাইৰ কাম সামৰি অঞ্চলটোৰ লোকসকল সেই ঠাইৰ পৰা যোৱাৰ পাছত পুনৰ হাতীৰ পালটো ভোগদৈ নৈ পাৰ হৈ উক্ত স্থান পায়হি । যিকোনো পৰিস্থিতিত হাতীৰ উপদ্ৰৱৰ পৰা ৰক্ষা কৰাৰ লগতে খেতি পথাৰ আৰু সম্পত্তিসমূহৰ সুৰক্ষা প্ৰদান কৰিবলৈ প্ৰশাসনক অঞ্চলটোৰ ৰাইজে অনুৰোধ জনায় ।

Exit mobile version