প্ৰসংগঃ জে ই ই কেলেংকাৰি

d627969a bfef 4e67 a3e2 7be3abd2336d

আজি কামৰূপ জিলা মুখ্য ন্যায়াধীশ আদালতত হাজিৰ কৰিব জে ই ই কেলেংকাৰীত জড়িত ৫ অভিযুক্তক৷

লগতে অভিযুক্তসকলক ৭ দিনৰ ন্যায়িক জিম্মাত বিচাৰিব আৰক্ষীয়ে ৷

উল্লেখযোগ্য যে ৰাজ্যত সৰ্বভাৰতীয় যুটীয়া প্ৰৱেশ পৰীক্ষা জে ই ইত সংঘটিত কেলেংকাৰিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

এই সন্দৰ্ভত ৰাজ্যৰ ভিতৰতে শীৰ্ষ স্থান দখল কৰা পৰীক্ষাৰ্থী নীল নক্ষত্ৰ দাস,তেওঁৰ চিকিৎসক পিতৃ জ্যোতিৰ্ময় দাস,জে ই ই পৰীক্ষাৰ পৰিচালনাৰ দায়িত্বত থকা হেমেন্দ্ৰ নাথ শৰ্মা,আই অ’ন ডিজিটেল জ’নৰ কৰ্মচাৰী প্ৰাঞ্জল কলিতা আৰু হীৰুকমল পাঠকক গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীয়ে ৬২০/২০২০ নম্বৰত এক গোচৰ ৰজু কৰি তদন্ত আৰম্ভ কৰিছে।

Exit mobile version