বাঘজানৰ তৈল খাদৰ জুইত পুনৰ অগ্নিকাণ্ড

IMG 20201029 WA0006

আজি পুনৰ ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰে তিনিচুকীয়া জিলাৰ বাঘজান তৈল ক্ষেত্র। বাঘজান গাঁওস্থিত অইলৰ বিজিআৰ-৫নং তৈল খাদত জুইকুৰা নুমাবলৈ সক্ষম নােহােৱা অইল কর্তৃপক্ষই আজি আন এক বিপর্যয়ৰ সন্মুখীন হ’ব লগীয়া হয় ।

উল্লেখ্য যে যােৱা ২৭ মে’ত গেছ কুপ বিস্ফোৰণ ঘটি ৯ শ জুনত ভয়ংকৰ অগ্নিকাণ্ডই আগুৰি ধৰা অভিশপ্ত বিজিআৰ-৫ নং তৈল খাদটোৰ ৱেল হে’ডত সংস্থাপিত ব্ল-আউট প্রিভেন্টাৰটোক ( বিঅপি) কম্পিউটাৰৰ দ্বাৰা পৰিচালিত কৰি খাদটোৰ জুইকুৰা বাইপাছ পদ্ধতিৰে ১০০ মিটাৰ নিলগলৈ আঁতৰাই নিবলৈ সক্ষম হয় যদিও আজি দুপৰীয়া জুইকুৰাত বিস্ফোৰণ ঘটে।

অগ্নি বিস্ফোৰণটোত জুইকুৰাক আৰবেৰ দিবলৈ সাজি উলিওৱা এলবেষ্টা টিনৰ প্ৰকাণ্ড ঘৰটো তচনচ হৈ পৰে । ঘটনাৰ লগে লগে অইলৰ অগ্নি নির্বাপক বাহিনীয়ে পানী চটিয়াই জুইকুৰা নিয়ন্ত্রণ কৰিবলৈ সক্ষম হােৱাত বাঘজান গাওঁ আৰু কলীয়াপানী গাওঁবাসী ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰে ।

উল্লেখ্য যে অইল কর্তৃপক্ষই দহ দিন পূর্বে অভিশপ্ত তৈল খাদটোৰ জুইকুৰা বাইপাছ পদ্ধতিৰে খাদটোৰ পৰা ১০০ মিটাৰ নিলগত কলীয়াপানী গাৱঁৰ ডাঙৰী নদীৰ সমীপত জুইকুৰা জ্বলি থকাৰ ব্যৱস্থা কৰে। ইয়াৰ বাবে জুইকুৰাৰ উচ্চ তাপ নিয়ন্ত্রণ কৰিব পৰাকৈ সেই ঠাইত এলবেষ্টা টিনপাত ব্যৱহাৰ কৰি ব্যয়বহুল এটা প্রকাণ্ড আৰবেৰা ঘৰ সাজি লৈছিল । এই টিনপাতৰ ঘৰটোৰ সোঁমাজতে পাঁচটা স্মক পইন্টত তৈল খাদটোৰ জুইকুৰা জ্বলি আছিল।

কিন্তু আজি দুপৰীয়া হঠাতে জুইকুৰাত বিস্ফোৰণ ঘটে।বিস্ফোৰণটো ইমানেই শক্তিশালী আছিল যে লােহাৰ খুঁটা ব্যৱহাৰ কৰি সাজি উলিওৱা এলবেষ্টা টিনপাতৰ ঘৰটো নিমিখতে তচনচ কৰি পেলায় । উল্লেখ্য যে অইলৰ অগ্নি নির্বাপক বাহিনীৰ বিষয়া জোৱানসকলৰ তৎপৰতাত অগ্নি বিস্ফোৰণটোত কোনাে লােক হতাহতি হােৱাৰ পৰা ৰক্ষা পৰাৰ লগতে মাগুৰি মটাপুং বিলত অগ্নিকাণ্ড ঘটাৰ পৰা দ্রব্য ক্ৰমে ৰখা পৰে ।

Exit mobile version