- বিগত কিছুদিন ধৰি কাৰ্বি আংলং জিলাৰ বিভিন্ন স্থানত সন্ত্ৰাস চলাই অহা মহম্মদ ইছলামুদ্দিন, মহম্মদ চাইদুল ইছলাম আৰু মহম্মদ আমিৰ হুছেইনক আটক ।
- বোকাজান আৰক্ষী থানাৰ মহিলা উপ-পৰিদৰ্শক থাডৈই সিনহাই ২৮ অক্টোবৰৰ দিনভাগত ৰাষ্ট্ৰীয় ঘাইপথত তহল দি থকাৰ অৱস্থাত বকলীয়াঘাটৰ পৰা চুৰি হোৱা এখন আপাচে মটৰচাইকেলসহ মহম্মদ ইছলামুদ্দিনক আটক কৰিবলৈ সক্ষম হৈছিল যদিও তেঁওৰ এজন সহযোগী পলাই গৈ ডিমাপুৰত প্ৰবেশ কৰে ।
- ইছলামুদ্দিনৰ স্বীকাৰোক্তিৰ ভিত্তিতেই বোকাজান আৰু খটখটি আৰক্ষীৰ যুটীয়া অভিযানত আন দুজন লোকক আটক কৰাৰ লগতে দুখন বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
- সম্প্ৰতি আটক কৰা লোক কেইজনক আৰক্ষীয়ে আদালতত হাজিৰ কৰাই পুনৰ নিজৰ জিম্মাত লৈছে ৷
বোকাজান আৰক্ষীৰ বৃহৎ সফলতা
