চিৰাঙৰ নীলীবাৰীত আৰপিএফৰ গুণ্ডাগিৰি

a7d3c21f 8b8b 497f b880 bb6279ea8425

চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত নীলীবাৰীত আজি পুৱতি নিশা ৩ বজাতং নিউবঙাইগাঁৱৰ পৰা যোৱা আৰপিএফৰ দলে স্থানীয় বাসিন্দাৰ ঘৰত প্ৰবেশ কৰি তালাচিৰ নামত লণ্ডভণ্ড কৰে ৷আনহাতে আৰপিএফ দলটোৱে অঞ্চলটোৰ এঘৰ মানুহৰ ঘৰত প্ৰবেশ কৰি চিলিং ভঙাৰ উপৰিও পালেং,গডৰেজ,আলমিৰা আদি ভাঙি চুৰমাৰ কৰি চুৰি কৰাৰ লগতে মহিলা আৰপিএফ নোহোৱাকৈ মহিলাৰ গাত হাত দি কাপোৰ ফালি দিয়ে ।

কিন্তু প্ৰশ্ন হয়, আৰপিএফে অসম আৰক্ষী নোহোৱাকৈ কি দৰে গা‍ঁৱত প্ৰৱেশ কৰি তালাচিৰ নামত এই দৰে সাধাৰণ দৰিদ্ৰ লোকৰ ঘৰত অত‍্যাচাৰ চলাব পাৰে? ইপিনে আৰ পি এফৰ দলটোৱে অঞ্চলটোৰ এজন ছাত্ৰক টোপনিৰ পৰা উঠাই চোৰ বুলি ধৰি লৈ যাব বিচৰাত পৰিস্থিতি উত্তপ্ত হৈ পৰে৷আৰু গাঁৱৰ মানুহ ওলাই আহি আৰপিএফৰ দলটোক গাড়ী ঘেৰি ধৰে৷

ইয়াৰ পাছতে উপায়হীন হৈ ছাত্ৰজনক এৰি দিব লগীয়া হয় আৰপিএফে । অভিযোগ অনুসৰি বঙাইগাঁও শোধনাগাৰৰ পৰা ওলোৱা তেল টকাৰ বিনিময়ত একাংশক চুৰি কৰাৰ সুবিধা দিয়ে আৰপিএফে ৷উল্লেখযোগ্য যে আৰপিএফ দলৰ এই কৰ্মকাণ্ডৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা ল’ব সেয়া হ’ব গুৰুত্বপূৰ্ণ ৷

 

Exit mobile version