ভাৰতত জনসংখ্যা বৃদ্ধিতকৈ তিনিগুণ অধিক হাৰত বৃদ্ধি পাবলৈ লৈছে বয়োজ্যেষ্ঠ লোকৰ সংখ্যা ।২০২৮ ৰ পূৰ্বে ভাৰতৰ জনসংখ্যাই চীনক পাৰ কৰাৰ সম্ভাৱনাৰ মাজতে বয়োজ্যেষ্ঠ লোকৰ সংখ্যা বৃদ্ধিয়ে আন এক সমস্যাৰ সৃষ্টি কৰিছে ৷তথ্য অনুসৰি ২০৫০ ৰ সময়লৈ ভাৰতত ৬০ বছৰৰ উধ্বৰ লোকৰ সংখ্যা ৩২ কোটি আৰু ৮০ বছৰ উধ্বৰ লোকৰ সংখ্যাই চাৰি কোটি ৮০ লাখক স্পৰ্শ কৰিব ।
এইদৰে বয়োজ্যেষ্ঠ লোকৰ সংখ্যা বৃদ্ধিয়ে আৰ্থিক তথা মানৱীয় সমস্যাৰো সৃষ্টি কৰাটো নিশ্চিত হৈ পৰিছে। বয়োজ্যেষ্ঠ লোকৰ সংখ্যা বৃদ্ধিয়ে আয়ৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি কৰাৰ আশংকাত ই উদ্বেগৰো কাৰণ হৈ পৰিছে। এই বয়োজ্যেষ্ঠ লোকসকলক জীৱনৰ অন্তিম সময়ছোৱাত সন্তানে চোৱা চিতা নকৰিলে অৱসৰকালীন জীৱন যথেষ্ট অনিশ্চিত হৈ পৰে।
উল্লেখযোগ্য যে অৱসৰৰ পাছত আয় সন্দৰ্ভত নিলিয়ছনৰ দ্বাৰা এক সমীক্ষা চলোৱা হৈছিল ।সমীক্ষাটোত অৱসৰৰ সময়ছোৱাত আয় কৰিব পৰাকৈ এক নতুন দিশৰ পৰা প্ৰতি দৃষ্টি নিক্ষেপ কৰা হয় ।সেই অনুসৰি নিজৰ ঘৰ কোনো বিত্তীয় প্ৰতিষ্ঠানক বন্ধকত দি মাহেকীয়া আয়ৰ ব্যৱস্থা কৰাৰ পৰামৰ্শ ব্যক্ত কৰা হয় ।ঘৰটো বন্ধকত দিয়া লোকজনৰ অবৰ্তমানত সম্পত্তিৰ স্বত্ব বিত্তীয় প্ৰতিষ্ঠানটোৱে লাভ কৰিব ।
ভাৰতীয়সকলে এই বন্ধক প্ৰকৃততে সন্তানৰ হাতত প্ৰদান কৰি অহাটো এক পৰম্পৰা ৷নিয়েলছনৰ সমীক্ষাত আৰু প্ৰকাশ পোৱা অনুসৰি চহৰত থকা লোকসকলৰ দৈনন্দিন ব্যয় যথেষ্ট বৃদ্ধি পাবলৈ লৈছে ৷ইয়াৰ বিপৰীতে ভৱিষ্যতৰ বাবে কৰা সঞ্চয় ক্ৰমান্বয়ে হ্ৰাস পাবলৈ লৈছে।
উপাৰ্জনৰ ৫৯ শতাংশই দৈনন্দিন খৰচৰ নামত ব্যয় হৈছে। আনহাতে সমীক্ষাৰ তথ্য অনুসৰি ভাৰতীয় সমাজ ব্যৱস্থাত সন্তানক বৃদ্ধকালৰ বীমা হিচাপে গণ্য কৰা হয় যদিও বহুজনে আকৌ সন্তানক বিশ্বাসত ল’ব বিচৰা নাই। এনে পৰিপেক্ষিতত হাতত সময় থকা অৱস্থাতে বিত্তীয় পৰামৰ্শদাতা দেখুওৱা পথেৰে অৱসৰকালীন সময়ছোৱাৰ দিন পাৰ কৰিবলৈ উচিত পৰিকল্পনা যুগুত কৰাটো অপৰিহাৰ্য হৈ পৰিছে ।ইয়াৰ মাজতে দৃষ্টি ৰাখিব লাগিব জীৱনত আহিব পৰা আকস্মিক দুৰ্যোগৰ প্ৰতিও।