ভূমিকম্পত ধ্বংসস্তুপত পৰিণত গ্ৰীচ আৰু তুৰস্ক

turkey 7 0 magnitude earthquake causes mini tsunami in greek islands

৭.০ প্ৰাবল্যৰ ভূমিকম্পই ধ্বংসস্তুপত পৰিণত কৰিলে গ্ৰীচ আৰু তুৰস্কক ৷

ADVERTISEMENT

এই ভূমিকম্পত তুৰস্কত এতিয়ালৈকে ২০ জন লোকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে প্ৰায় ৮০০ জন লোক। আনহাতে গ্ৰীচত দুগৰাকী কিশোৰীৰ মৃত্যু হোৱাৰ লগতে ১২ জনৰো অধিক লোক আঘাতপ্ৰাপ্ত হৈছে।

স্থানীয় লোকৰ মন্তব্য অনুসৰি “আমি ভাবিছিলো আমাৰ অন্ত ইয়াতেই। কাৰণ ভূমিকম্প প্ৰায় ১০ মিনিট আহি আছিল।”

তুৰ্কীত বহু ঠাইত বৃহৎ অট্টালিকা খহি পৰাৰ পৰিপ্ৰেক্ষিতত ১০০ তকৈ অধিক লোকক বাহিৰলৈ উলিওৱা হয় ।

আনহাতে গ্ৰীচ আৰু তুৰস্কত অনাগত সময়ত ছুনামী অহাৰ আশংকা কৰিছে বিভাগীয় কৰ্তৃপক্ষই। গতিকে আগতীয়াকৈ সাৱধানতা অৱলম্বন কৰিবলৈ সকলোকে সকীয়াই দিছে প্ৰশাসনে ৷

Exit mobile version