জনতা ভৱনত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল ।
সংবাদমেলত দুৰ্গাপূজা ৰাইজে যোগাত্মকভাৱে পালন কৰিলে বুলি মন্তব্য কৰে মন্ত্ৰী ড° শৰ্মাই।
লগতে ড° শৰ্মাই কৰ’না ভাইৰাছৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত কয়
ছেপ্টেম্বৰত কৰ’নাত আক্ৰান্তৰ সংখ্যা আছিল ৩৬০০০ হাজাৰ ।
সুস্থ হোৱাত অসম দেশৰ ভিতৰতে৷দ্বিতীয় ৷
অসমত কৰ’নাত মৃত্যু হৈছে ৯২৬ জন লোক।
আনহাতে অসমলৈ অহা ব্যক্তিৰ ক্ষেত্ৰত নতুন SOP
ৰেল উৰাজাহাজেৰে অহা ব্যক্তিৰ বাবে এই SOP ৷
ইফালে ২৪ ঘন্টাত ভিতৰত কোনো ব্যক্তি বহিঃৰাজ্যলৈ গৈ ঘূৰি আহিলে টেষ্ট কৰাব নালাগে।
১০ বছৰ পৰ্য শিশুৰো টেষ্ট নহয় ৷
অনুসন্ধানকাৰী বিষয়া আহিলেও টেষ্ট কৰিব নালাগে ৷
উল্লেখযোগ্য যে ১আৰু ২ নবেম্বৰ দিনতো হ’ব যুগান্তকাৰী দিন। এই মন্তব্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ৷
কাৰণ ১আৰু ২নবেম্বৰত চাহ বাগিচা অঞ্চলত হ’ব ১০৪ খন হাইস্কুলৰ আধাৰশিলা৷
মুঠ ১১৯ খন চাহ বাগিচাৰ হাইস্কুল নিৰ্মাণ হ’ব ৷আনহাতে অহা শিক্ষাবৰ্ষৰ কাৰ্যকৰী হ’ব বিদ্যালয়সমূহ ৷
লগতে চিকিৎসা শিক্ষাৰ ১০০ খন আসন বৃদ্ধি ৷
ডিফু মেডিকেল কলেজত চলিত বৰ্ষৰ পৰা হ’ব নামভৰ্তি ৷
কোচ ৰাজবংশীৰ কাৰণে ৮ খন আসন সংৰক্ষণ,আহোম কাৰণে ৫ খন আৰু ৪ খন চুতীয়াৰ কাৰণে সংৰক্ষণ কৰা হৈছে ৷