চাৰ্টত স্পাই কেমেৰা-কাণত চিপছ

Screenshot 32

অভিযান্ত্ৰিক পাঠ্যক্ৰমৰ বাবে অনুষ্ঠিত সৰ্বভাৰতীয় যুটীয়া প্ৰবেশ পৰীক্ষা (জে ই ই)ত সংঘটিত কেলেংকাৰিত জড়িত থকাৰ অভিযোগত এইবাৰ এগৰাকী মহিলাক যোৱা নিশা গ্ৰেপ্তাৰ কৰে বিশেষ তদন্তকাৰী আৰক্ষী গোটে ৷ ধৃত মহিলাগৰাকী গ্ল’বেল ইডুলাইট কোচিং চেন্টাৰ কাউন্সিলৰ কাকলি বুজৰবৰুৱা বুলি আৰক্ষীয়ে সদৰী কৰে ৷

উল্লেখ্য যে এই কেলেংকাৰিৰ সন্দৰ্ভত আজাৰা আৰক্ষী থানাত ৰজু হোৱা ৬২৪/২০২০ নম্বৰৰ গোচৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ ১২০(বি)৪১৯/৪২০/৪০৬ আৰ ডব্লিউ ৬৬(ডি)আই টি এক্টৰ অধীনত পাঁচজনকৈ অভিযুক্ত গ্ৰেপ্তাৰ কৰি তৃতীয় দিনাও আৰক্ষী জিম্মাত থকাৰ বিপৰীতে এই ঘটনাৰ মূল মাষ্টাৰ মাইণ্ডৰূপে চিহ্নিত হোৱা ভাৰ্গৱ ডেকা মালিকানাধীন ক’চিং প্ৰতিষ্ঠানৰ কৰ্মচাৰী বুজৰবৰুৱাক গ্ৰেপ্তাৰ কৰাৰ পাছত জে ই ই পৰীক্ষা কেলেংকাৰিৰ ন ন তথ্য পোহৰলৈ আহিছে ।

উল্লেখযোগ্য যে ধৃত কাকলিয়ে কোলাত সাত মহীয়া কেঁচুৱা লৈ আদালতত হাজিৰ হোৱাৰ লগতে কেঁচুৱা লৈয়ে আৰক্ষীৰ জিম্মাত পাঁচ দিন কটাব বুলি তদন্তকাৰী বিষয়াই সদৰী কৰিছে । ইফালে ২০ লাখ টকাৰ বন্দৱস্তিত জে ই ই পৰীক্ষাত অৱতীৰ্ণ নোহোৱাকৈয়ে ৰাজ্যৰ ভিতৰত শীৰ্ষ স্থান দখল কৰা নীল নক্ষত্ৰ দাস,তেওঁৰ পিতৃ জ্যোতিৰ্ময় দাস, পৰীক্ষা নিয়ন্ত্ৰক হেমেন্দ্ৰ নাথ শৰ্মা, কৰ্মচাৰী প্ৰাঞ্জল কলিতা, হীৰুকমল পাঠক আৰক্ষীৰ জিম্মাত আছে ।

সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাসমূহ অনুষ্ঠিত কৰা প্ৰতিষ্ঠানৰ স’তে ইডুলাইট ক’চিং চেন্টাৰৰ চক্ৰটোৱে যোগসূত্ৰ আৰু মেনেজ কৰিব নোৱাৰিলে অন্য পথেৰে প্ৰাৰ্থীজনক উত্তীৰ্ণ কৰাৰ সক্ষমতা গঢ়ি তুলিছিল৷আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি চাৰ্টৰ বুটামৰ ঠাইত বুটাম সদৃশ স্পাই কেমেৰা আৰু কাণত মাইক্ৰ চিপছ লগাই বহু প্ৰাৰ্থীক উত্তীৰ্ণ কৰোৱাৰ তথ্য লাভ কৰিছে ৷

উল্লেখযোগ্য যে এই বুটাম সদৃশ কেমেৰাই কম্পিউটাৰত অহা প্ৰশ্নকাকত ধৰি ৰাখি নিৰ্দিষ্ট স্থানলৈ প্ৰেৰণ কৰে। আৰু সেই নিদিষ্ট স্থানৰ পৰা দিয়া উত্তৰ প্ৰাৰ্থীজনে কাণত লগাই ঠোৱা মাইক্ৰ’চিপছৰ জৰিয়তে সংগ্ৰহ কৰে বুলি আৰক্ষী সূত্ৰটোৱে প্ৰকাশ কৰে । জে ই ই পৰীক্ষাৰ কেলেংকাৰিয়ে ৰাজ্যত কাঠফুলাৰ দৰে গঢ় লৈ উঠা ক’চিং চেন্টাৰৰ বহু গোপন তথ্য ফাদিল কৰাৰ পূৰ্ণ সম্ভাৱনা আছে । নীল নক্ষত্ৰৰ দৰে বহু সম্ভ্ৰান্ত পৰিয়ালৰ যুৱক-যুৱতীয়ে আমবাৰীস্থিত ইডুলাইট ক’চিং চেন্টাৰৰ জৰিয়তে প্ৰবেশ পৰীক্ষাত উত্তীৰ্ণ হৈ মেডিকেল-অভিযান্ত্ৰিক পাঠ্যক্ৰমত নামভৰ্তি কৰিবলৈ সুবিধা পোৱাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে ৷

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি তদন্তকাৰী গোটে প্ৰথম পৰ্যায়ত টিচি এছত কি দৰে ভুৱা পৰীক্ষাৰ্থীক অৱতীৰ্ণ কৰোৱা হৈছিল তাৰ মূল অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰাৰ পাছতে তদন্ত আৰম্ভ কৰিব । যদি আৰক্ষীয়ে এই দিশত তদন্ত আৰম্ভ কৰে তেন্তে ডা° জ্যোতিৰ্ময় দাসৰ দৰে বহু ব্যক্তিৰ নাম পোহৰলৈ অহাৰ সম্ভাৱনা আছে ।

Exit mobile version