তিনিচুকীয়া আৰু নামচাই জিলাৰ অসম অৰুণাচল সীমান্তৰ নতুন গাঁৱত চাঞ্চ্যলকৰ হত্যাকাণ্ড

WhatsApp Image 2020 11 01 at 12.01.51 PM

■ তিনিচুকীয়া আৰু নামচাই জিলাৰ অসম অৰুণাচল সীমান্তৰ নতুন গাঁৱত আজি এক চাঞ্চ্যলকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয় ।
■ প্ৰশান্ত বৰা(৪০) নামৰ লোকজনক পুৱতি নিশা প্ৰায় ২ বজাত অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই ঘৰৰ সন্মুখতে পেলাই থৈ যোৱাৰ লগতে ডাঙৰ পুত্ৰ উজ্জল বৰা(২০)ক দুৰ্বৃত্তই অপহৰণ কৰি লৈ যায়।
■ ইয়াৰ উপৰিও প্ৰায় ১০ জাই গুলিৰে থকা সৰকা কৰি পেলাই থৈ যায় প্ৰশান্ত বৰাক আৰু ঘৰৰ বেৰাৰ লগতে বহু সামগ্ৰী গুলিৰে থকাসৰকা কৰে ।

■ উল্লেখযোগ্য যে প্ৰশান্ত বৰাৰ প্ৰকৃত ঘৰ তিনিচুকীয়া জিলাৰ বৰডুমচা থানাৰ অন্তৰ্গত মহং গাঁৱত । তেখেতে অসম অৰুণাচলৰ সীমান্তত থকা নতুন গাঁৱত খেতি কৰাৰ উদ্দেশ্যে ঘৰ লৈ আছিল ।
■ সীমা বিবাদৰ বাবে অৰুণাচলৰ কোনো দুৰ্বৃত্তই হত্যা কৰাৰ লগতে পুত্ৰক অপহৰণ কৰি নিছে বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷
■ সমগ্ৰ ঘটনাই নতুন গাঁৱৰ লগতে বৰডুমচা মহঙ গাঁৱত সম্প্ৰতি তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

Exit mobile version