বিট্ৰেইনত হ্ৰাস পোৱা নাই কৰ’নাৰ সংক্ৰমণ

115166118 064119799

সমগ্ৰ বিশ্বত সম্প্ৰতি কৰ’নাৰ সন্ত্ৰাসৰ ৷ইয়াৰ মাজতে কৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত পুনৰ বিভিন্ন ঠাইত তলাবন্ধৰ ঘোষণা কৰিছে। কৰ’নাৰ কাৰণে ব্ৰিটেইনত প্ৰধানমন্ত্ৰী ব’ৰিছ জনছনে পুনৰ এমাহৰ বাবে ঘোষণা কৰিছে তলাবন্ধৰ।

এই তলাবন্ধত জাৰি কৰা নিৰ্দেশনা অনুসৰি জনসাধাৰণ ঘৰতেই আৱদ্ধ হৈ থাকিব লাগিব। অৱশ্যে জৰুৰী তথা শিক্ষা সংক্ৰান্তীয় কামৰ বাবেহে বাহিৰলৈ ওলাব পাৰিব জনসাধাৰণ।

আনহাতে তলাবন্ধৰ সময়চোৱাত আৱশ্যকীয় সামগ্ৰীৰ দোকানসমূহো বন্ধ ৰখাৰ নিৰ্দেশ দিছে প্ৰধানমন্ত্ৰী ব’ৰিছ জনছনে । অৱশ্যে এই দ্বিতীয় পৰ্যায়ৰ তলাবন্ধত বিদ্যালয়, কলেজ তথা বিশ্ববিদ্যালয়সমূহ খোলা ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

ইপিনে তলাবন্ধৰ সময়ত বাৰ আৰু ৰেস্তোৰাসমূহ বন্ধ থাকিব । লগতে এই দ্বিতীয় পৰ্যায়ৰ তলাবন্ধ ২ ডিচেম্বৰত সমাপ্ত হ’ব।

Exit mobile version