বিহাৰত বিৰোধীক সমালোচনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

4d05ea01 dda3 4d57 9c86 377c24a7566f

বিহাৰ বিধানসভা নিৰ্বাচনৰ প্রথম পৰ্যায়ৰ ভোটগ্ৰহণ পৰ্ব ২৮ অক্টোবৰত সম্পন্ন হোৱাৰ পাছত দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হয় বিহাৰত।

বিহাৰত উপস্থিত হৈ প্ৰধানমন্ত্ৰী মোদীয়ে বিৰোধীক সমালোচনা কৰে। প্ৰধানমন্ত্ৰীয়ে ছাপ্ৰাত সৰ্বসাধাৰণ ৰাইজক সম্বোধন কৰি জংঘলৰাজৰ কথা উল্লেখ কৰে।

মোদীয়ে কয় যে বিহাৰৰ মহিলা,আই মাতৃসকলে মুকলিতেই শৌচালয়ত যাবলৈ বাধ্য হৈ আছিল। আনহাতে সম্প্ৰতি তেওঁলোক সুৰক্ষিতও নহয়। কাৰণ বিহাৰবাসীক একাংশই জংঘলত ৰাখিব বিচাৰে। কিন্তু তেনেসময়তে এন ডি এ চৰকাৰে বিহাৰৰ মহিলাসকলৰ কাৰণে লাখ লাখ শৌচালয় নিৰ্মাণ কৰিছে।

মোদীৰ মন্তব্য ” কৰ’না ভাইৰাছ প্ৰতিৰোধৰ পৰিপ্ৰেক্ষিতত সঠিক সময়ত তলাবন্ধ দি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে ৷

উল্লেখযোগ্য যে প্রধানমন্ত্ৰী মোডীয়ে কয় , প্রথম পৰ্যায়ৰ ভোটগ্ৰহণ পৰ্বৰ পাছত স্পষ্টকৈ দেখা গৈছে যে নীতিশ কুমাৰৰ নেতৃত্বৰ এনডিএ চৰকাৰ পুনৰ গঠন হ’ব।”লগতে প্রথম পৰ্যায়ৰ ভোটগ্ৰহণত এনডিএ চৰকাৰক সমৰ্থন জনোৱাৰ সংকেত বহন কৰাৰ কাৰণে ধন্যবাদ দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে ৷

Exit mobile version