হলিউদৰ যাত্রা অব্যাহত ৰাখি হলিউদৰ স্থায়ী তাৰকাত পৰিণত প্রিয়ংকা চোপ্রা

315512 8036009 updates

হলিউদৰ প্ৰায় স্থায়ী তাৰকাত পৰিণত হৈছে প্রিয়ংকা চোপ্রা। ইখনৰ পাছত সিখন ছবিত অভিনয় কৰিছে ‘দেশী গার্ল’-এ। এইবাৰ তেওঁ অভিনয় কৰিব বিশ্ব বিখ্যাত গায়িকা অভিনেত্রী চেলিন ডিঅ’নৰ স’তে। ছবিখনৰ নায়ক ছেম হুগান। ‘টেক্সট্ ফৰ ইউ’ নামৰ ৰােমান্টিক ছবিখন ১৯১৬ত মুক্তিপ্রাপ্ত হিট জার্মান ছবি ‘এছ এণ এছ ফৰ ডিক’ৰ অনুপ্ৰেৰণাত নির্মাণ কৰা হ’ব।

ADVERTISEMENT

পৰিচালনাৰ দায়িত্বত আছে প্রখ্যাত পৰিচালক জিম ষ্ট্ৰাউচ। সামাজিক মাধ্যমত এই খবৰ জানিবলৈ দি প্ৰিয়ংকাই লিখিছে, এই দুর্দান্ত ছবিখন আৰম্ভ কৰাৰ বাবে অত্যাধিক উত্তেজিত হৈ আছাে । জিম ষ্ট্ৰাউচ, ছেম হুগান, চেলিন ডিঅ’নৰ দৰে ব্যক্তিৰ স’তে কাম কৰাটো মােৰ বাবে গর্বৰ বিষয়। ছবিখন এনে এগৰাকী মহিলাৰ কাহিনী, যি নিজৰ মৃত প্রেমিকলৈ ফোনত এছ এম এছ বার্তা প্ৰেৰণ কৰি থাকে।

কিয়নাে প্রেমিকৰ মৃত্যু সংবাদ তেওঁ বিশ্বাস কৰা নাছিল । বহুদিনৰ পাছত মহিলাগৰাকীয়ে জানিলে যে তেওঁৰ প্ৰেমিকৰ ফোন নম্বৰটো ইতিমধ্যে আন এজন লােকক দিয়া হৈছে, যিজন লােকো একেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল। উল্লেখ্য যে শেহতীয়াকৈ বার্লিনত ‘মেট্রিক্স ৪’ ছবিৰ চিত্রগ্রহণ সম্পূর্ণ কৰিছে প্রিয়ংকাই। ছবিখনত তেওঁৰ বিপৰীতে আছে হলিউদৰ জনপ্রিয় তাৰকা কীনু ৰীভছ্ ।

ইয়াৰ উপৰি মিণ্ডি কালিঙৰ স’তে এখন ৰােমান্টিক কমেডী ছবিতে প্রিয়ংকাক শীঘ্রেই দেখা যাব। আনহাতে, মুক্তিৰ অপেক্ষাত আছে প্রিয়ংকা অভিনীত নেটফ্লিক্সৰ ছবি ‘হােৱাইট টাইগাৰ’ । এই ছবিত তেওঁ ৰাজকুমাৰ ৰাওৰ স’তে অভিনয় কৰিছে। সম্প্রতি আমাজনৰ স’তে প্রিয়ংকাই কে’বা কোটি টকীয়া চুক্তি স্বাক্ষৰ কৰিছে । আমাজন প্রাইমৰ ‘চিটাডেলে’ত দেখা যাব প্রিয়ংকাক ।

এণ্টনী আৰু জো ৰুছুৰ গুপ্তচৰৰ কাহিনী নিৰ্ভৰ এই ৱেব ছিৰিজত প্রিয়ংকাৰ বিপৰীতে অভিনয় কৰিছে হলিউদৰ বিখ্যাত ছবি ‘গেম অৱ থর্নছ’ৰ অভিনেতা ৰিচাৰ্ড মেডেনে। ইয়াৰ উপৰি আমাজনৰ স’তে মা আনন্দ শীলাৰ বায়’পিক আৰু প্রি-ৱেডিং চেমিণি সংগীতৰ ভিত্তিক এক ৰিয়েলিটী শ্ব’তাে কাম কৰিব প্রাক্তন বিশ্ব সুন্দৰীয়ে।

Exit mobile version