অবৈধ ভাৱে ভাৰতত প্ৰৱেশ কৰা ৪২ জন বাংলাদেশী নাগৰিকক বাংলাদেশলৈ স্থানান্তৰ

de033811 b911 4fc6 9313 06261650f785

 

অবৈধ ভাৱে ভাৰতত প্ৰৱেশ কৰা ৪২ জনকৈ বাংলাদেশী নাগৰিকক সুতাৰকান্দি সীমান্তইদি বাংলাদেশলৈ উভতাই পঠোৱা হয় । বাংলাদেশত পঠিওৱা অধিকাংশ লোক বাংগালুৰুত কাম কৰিবলৈ যোৱাৰ সময়তে ২৯ জনক পল্টনবজাৰ ৰেল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

আনহাতে, আন কেইজন কৰিমগঞ্জ, শোণিতপুৰ, শালমাৰা, গোৱালপাৰা, গুৱাহাটী, শিলচৰৰ কাৰাগাৰত বন্দী হৈ আছিল । বাংলাদেশত পঠিওৱা লোকসকলৰ মাজত আছে কে’বাগৰাকী মহিলাসহ কে’বাটাও শিশু ।

হস্তান্তৰ সন্দৰ্ভত কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক মায়ান কুমাৰে কয় যে, উভতায় পঠিওৱা লোককেইজন ২/৩ বছৰৰ পৰা অসমৰ বিভিন্ন কাৰাগাৰত বন্দী হৈ আছিল আৰু আজি তেঁওলোকক বাংলাদেশলৈ প্ৰেৰণ কৰা হয় ।

Exit mobile version