অসম-মিজোৰাম সীমান্তত অপহৰণকাণ্ড

WhatsApp Image 2020 11 02 at 10.58.29 AM

অসম-মিজোৰাম সীমান্তত উত্তেজনা অব্যাহত আছে।ইয়াৰ মাজতে কাছাৰ জিলাৰ অসম মিজোৰাম সীমান্তৰ লায়লাপুৰ প্ৰেসনগৰৰ ইনতাজ আলী নামৰ এজন লোকক মিজো দুষ্কৃতিকাৰীয়ে অপহৰণ কৰি লৈ যায় ৷ জানিব পৰা মতে যোৱা কালি দুপুৰীয়া ইনতাজ আলী নামৰ লোক জন সীমান্তৰ এখন হাবিত বাহ কাটিবলৈ গৈছিল ৷ তেনে সময়তে জংঘলৰ পৰা এদল মিজো দুষ্কৃতিকাৰীয়ে ইনতাজ আলীক অপহৰণ কৰি লৈ যায় ৷

আৰু ইনতাজ আলীৰ পৰিয়ালৰ লোকসকলে এই সমগ্ৰ ঘটনাৰ তথ্য লোৱাৰ পাছতে অপহৰণৰ এই খবৰ এজন মিজো লোকৰ মুখৰ পৰা জানিবলৈ পায় ৷ আনহাতে পৰিয়ালৰ লোকে ইনতাজ আলীৰ এখন ফ’টো দেখিবলৈ পায় ৷দুস্কৃতিকাৰীয়ে ইনতাজ আলীক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আৰু অজ্ঞান ৰূপত এঠাইত পেলাই ৰাখিছে ৷ ইপিনে ইনতাজ আলীৰ এই ফ’টো পোৱাৰ পাছতে পৰিয়ালৰ লোকসকলে লায়লাপুৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে ৷উল্লেখযোগ্য যে এই ঘটনাৰ পাছত সীমান্ত অঞ্চলত পুনৰ উত্তেজনা বিৰাজ কৰাৰ লগতে সীমান্তবাসীৰ মাজত এক আতংকৰ সৃষ্টিৰ হৈছে ৷

আনহাতে বিগত ১৫ দিন ধৰি অসম মিজোৰাম সীমান্তত ভূমি বিবাদ লৈ দুই ৰাজ্যৰ মাজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে ৷ মিজো দুষ্কৃতিকাৰীয়ে অসমৰ ভূমিৰ ঘৰবাৰী জ্বলাই দিয়াৰ পাছত এইবাৰ অসমীয়া লোকসকলক অপহৰণ কৰা আৰম্ভ কৰিছে৷ কিন্তু ৰহস্যজনকভাৱে এতিয়াও মৌন হৈ আছে অসমৰ আৰক্ষী প্ৰশাসন ৷

Exit mobile version