কৰ’না পৰীক্ষাৰ কাৰণে মহেন্দ্ৰ মোহন চিকিৎসালয়লৈ নিয়া হৈছে জে ই ই অভিযুক্ত ভাৰ্গৱ ডেকাক

1279b180 137c 4122 8bc3 881bcd2a8b71

পাণবজাৰ থানাৰ বন্ধ কুঠৰীত জে ই ই পৰীক্ষাৰ মুল অভিযুক্ত ভাৰ্গৱ ডেকা ৷

দেওবাৰে নিশাটো কাৰাগাৰত কান্দি কান্দি সময় কটালে অভিযুক্ত ডেকাই ৷

সম্প্ৰতি কৰ’না পৰীক্ষাৰ কাৰণে মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়লৈ নিয়া হৈছে জে ই ই অভিযুক্ত ভাৰ্গৱ ডেকাক ৷

ইয়াৰ পাছতে আজি হাজিৰ কৰিব আদালতত ৷

খন্তেক পাছতে কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত হাজিৰ কৰোৱাই নিজৰ জিম্মাত ল’ব আৰক্ষীয়ে ৷

উল্লেখযোগ্য যে কালি গুৱাহাটী বিমানবন্দৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জে ই ই মূল অভিযুক্ত ভাৰ্গৱ ডেকাক।

অৱশ্যে এই পৰ্যন্ত ভাৰ্গৱ ডেকাই এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত মুখ খোলা নাই।

Exit mobile version