বাক্সাৰ বাৰাপেটাৰ এগৰাকী দুৰ্ভগীয়া কিশোৰী

717ef2d7 68db 4608 94b4 353909d7c6d8

বাক্সা জিলাৰ শালবাৰী মহকুমাৰ বাৰাপেটা গাঁৱৰ এগৰাকী কিশোৰী দৃষ্টিহীন হৈ পৰি ক্ৰমাৎ অসহায় হৈ পৰিছে ৷ চকুৰ জটিল ৰোগৰ বাবে ক্ৰমাৎ দৃষ্টিহীন হৈ আহিছে সংগীতা দাস নামৰ কিশোৰীগৰাকী৷প্ৰায় ৪ বছৰ বয়সতে জটিল ৰোগত আক্ৰান্ত হৈ কিশোৰীগৰাকীয়ে হেৰুৱাইছিল এটা চকুৰ সম্পূৰ্ণ দৃষ্টিশক্তি৷

তাৰ কিছুবছৰ পিছৰে পৰা আনটো চকুতো ছানি পৰা বাবে দৃষ্টি শক্তি ক্ৰমাৎ লোপ পাবলৈ ধৰিছে৷ যাৰ ফলত বিবুদ্ধিত পৰিছে বেঁকী নৈৰ খহনীয়াত বিধ্বস্ত ৫ জনীয়া দৰিদ্ৰ পৰিয়ালটো৷কেঁচা কলৰ ক্ষুদ্ৰ ব্যৱসায় কৰি কোনোমতেহে পৰিয়াল পোহপাল দিয়া পিতৃ ভূমিধৰ দাসে জীয়ৰীক বহু ঠাইত চিকিৎসা কৰিও সুফল পোৱা নাই ৷

যাৰ বাবে কিশোৰীগৰাকীৰ পিতৃয়ে সহায়ৰ বাবে কাতৰে আহ্বান জনাইছে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে স্থানীয় বিধায়ক ৰঞ্জিত কুমাৰ দাসক৷ লগতে কিশোৰীগৰাকীৰ চিকিৎসাৰ বাবে বিভিন্ন দল সংগঠন আৰু সুহৃদয় লোকৰ পৰাও আৰ্থিক সাহায্য বিচাৰিছে পৰিয়ালটোৱে৷

গতিকে কোনো হৃদয়বান ব্যক্তিয়ে আৰ্থিক সাহায্য প্ৰদান কৰিব বিচাৰিলে কিশোৰীগৰাকীৰ মাতৃৰ চেণ্ট্ৰেল বেংকৰ বৰপেটাৰোড শাখাত থকা A/C NO- 3924032986 আৰু IFSC: CBIN0283219 ত ধন জমা দিব পাৰে অথবা পৰিয়ালৰ সৈতে 9706644621 বা 9365405724 নম্বৰত যোগাযোগ কৰিব পাৰে ৷

Exit mobile version