বিটিচিত পৰিৱৰ্তনৰ স্বাৰ্থত ইউপিপিএল দলৰ নিৰ্বাচনী সজাগতা পদযাত্ৰাত অংশগ্ৰহণ কৰিলে ৰণগৌৰা নাৰ্জাৰীয়ে

WhatsApp Image 2020 11 02 at 4.03.46 PM

সমাগত বিটিচি নিৰ্বাচনক লৈ তুংগত উঠিছে বিটিচিৰ ৰাজনীতি ৷ বিটিচিৰ প্ৰতিটো ৰাজনৈতিক দলে ইতিমধ্যে নিজৰ নিজৰ প্ৰাৰ্থীক জয়যুক্ত কৰিবৰ বাবে প্ৰচাৰ অভিযান তৎপৰতাৰে আৰম্ভ কৰিছে ৷ আজি চিৰাঙৰ ১৫ নং কাজলগাঁও পৰিষদীয় সমষ্টি অন্তৰ্গত পদ্মপুৰ পৰা বিলাসপুৰ লৈকে ইউপিপিএল দলে এক নিৰ্বাচনী সজাগতা আৰু পদযাত্ৰা সমদল উলিয়ায় ।

সমষ্টিটোৰ ইউপিপিএল দলৰ প্ৰাৰ্থী তথা দলটোৰ উপ সভাপতি ৰণগৌৰা নাৰ্জাৰীয়ে পদযাত্ৰাৰ শুভাৰম্ভ কৰি ভোটাৰ সকলৰ স’তে নিজেও প্ৰায় পাঁচ কিলোমিটাৰ খোজকাঢ়ি পৰিৱৰ্তন সন্দৰ্ভত সজাগতা কৰে ভোটাৰ সকলক । লগতে ৰণগৌৰা নাৰ্জাৰীয়ে কয় যে ৰাইজে এইবাৰ পৰিৱৰ্তনৰ স্বাৰ্থতে দলে-বলে ওলাই আহি পদযাত্ৰাত অংশগ্ৰহন কৰাৰ পৰা বুজা যায় যে ৰাইজৰ ইউপিপিএল দলৰ প্ৰতি আস্থা আছে আৰু সেয়ে এইদৰে দলটোক সমৰ্থন কৰি পাঁচ কিলোমিটাৰ পদযাত্ৰাত অংশগ্ৰহণ কৰিছে ।

বিগত ১৫ টা বছৰ বিপিএফে কোনো কামেই নকৰিলে । যি কৰিছে সেয়া ভোটাৰ ৰাইজে প্ৰত‍্যক্ষ কৰিছে । গতিকে এইবাৰ বিপিএফৰ ভেটি উছন হ’ব সেয়া প্ৰত‍্যক্ষ কৰিয়ে এতিয়া ৰাইজক ভয় দেখুৱাই ভোট আদায়ৰ চেষ্টা কৰি আছে বিপিএফে ।

আনহাতে, প্ৰতিটো ৰাজনৈতিক দলেই বিটিচিৰ পৰিষদ গঠনৰ দাবী কৰিলেও বিটিচিত মূলতঃ বিপিএফ-ইউপিপিএল দলৰ মাজতহে প্ৰতিদ্বন্দিতা হ’ব আৰু কোন দলে পৰিষদ গঠন কৰে সেয়া স্পষ্ট হৈ পৰিব ভোটগণণাত ।

Exit mobile version