হেপ্পী বাৰ্থডে কিং খান !

srk

বলিউডৰ জনপ্ৰিয় অভিনেতা কিং খান শ্বাহৰুখ খানৰ আজি ৫৫ সংখ্যক জন্মদিন । বলিউদৰ জগত খনত অভিনেতাজনে আবেগ, শক্তি আৰু সীমাহীন উৎসাহেৰে ভৰপূৰ এজন ব্যক্তি হিচাপে প্ৰতিষ্ঠিত হৈছিল । ভাৰতীয় দৰ্শকৰ বাবে ৰোমাঞ্চকৰ ধাৰণাৰ প্ৰতীক শ্বাহৰুখ খান । এতিয়াও নিজৰ সৌন্দৰ্য অটুট ৰখাৰ লগতে দৰ্শকক মন চুই যোৱা অভিনয়েৰে আকৰ্ষিত কৰি ৰাখিছে । ২৫ বছৰতকৈ অধিক সময় ধৰি লাখৰো অধিক ভাৰতীয়ৰ হৃদয়ত স্থান দখল কৰিবলৈ সক্ষম হৈছে কিং খানে । তেঁওৰ ৫৫ সংখ্যক জন্মদিনত চাওঁ আহক অতীতৰ কিছু স্নেপশ্বট –

টেলিভিছনৰ পৰ্দাত ৯০দশকৰ শ্ব’ ফৌজিৰ জৰিয়তে জনপ্ৰিয় হৈ পৰিছিল শ্বাহৰুখ খান । ইয়াৰ পাছতে শ্ব’টো মেগাহিট হৈছিল । ইয়াৰ পৰাই ষ্টাৰত পৰিণত হৈছিল শ্বাহৰুখ খান ।

ইয়াৰ পিছতে বলিউদৰ বহুকেইখন হিট ছবি দিলৱালে দুলহনীয়া লে জায়েংগে, দিল টু পাগল হে, কুছ কুছ হৌতা হে, কভি খুচি কভি গমৰ জৰিয়তে মেগা সফলতা লাভ কৰিছিল জনপ্ৰিয় অভিনেতা জনে। এইকেইখন ছবিত ৰাজেশ খান্ন আৰু দেৱ আনন্দৰ দৰে ৰোমান্টিক নায়কতকৈ পৃথক আছিল ।

আনহাতে ৰোমান্টিক চৰিত্ৰৰ বাদেও swades, Chak De India, My Name Is Khan ছবিকেইখনত খানক অন্য এক ৰূপত দেখা পোৱা গৈছিল ।

ইয়াৰ পিছত খানক দেখা পোৱা গ’ল প্ৰযোজকৰ ৰূপত। প্ৰথম প্ৰযোজনা ছবি অশোক আৰু ফিৰ ভি দিল হে হিন্দুস্তানীত যদিও বিশেষ সফলতা লাভ কৰা নাছিল কিন্তু লাহে লাহে শ্বাহৰুখ আৰু পত্নী গৌৰীয়ে অন্যতম এক প্ৰডাকচন হাউচৰ আৰম্ভণি কৰি সফলতা লাভ কৰিবলৈ সক্ষম হয় । শ্বাহৰুখৰ প্ৰযোজনা কৰা ছবিসমূহৰ ভিতৰত চেন্নাই এক্সপ্ৰেছ, মে হো না, ওম শান্তি ওম, হেপ্পী নিউ ইয়েৰ, দিয়েৰ জিন্দগী, ৰেইজ আৰু বদলা।

Exit mobile version