বিজনীৰ উত্তৰাঞ্চলত আপাতকালীন সেৱাৰ উপকেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱ দিবলৈ ৰাইজক আহ্বান মন্ত্ৰী ভবেশ কলিতাৰ

85463b81 1a45 4d1f b7c5 385921ec5289

সোমবাৰে সন্ধিয়া চিৰাং জিলাৰ বিজনীৰ ২ নং বিষ্ণুপুৰত এক ভয়ংকৰ অগ্নিকাণ্ডত নিমিষতে জাহ গৈছিল ১৩ খন ব্যৱসায়িক দোকান প্ৰতিষ্ঠানৰ লগতে বাসগৃহ। এই অগ্নিকাণ্ডটোত এক কোটিৰো অধিক সা-সম্পত্তি ধ্বংস হৈ পৰিছিল৷

যাৰ পৰিপ্ৰেক্ষিতত মঙলবাৰে বিয়লি মন্ত্ৰী ভৱেশ কলিতাই ২ নং বিষ্ণুপুৰ বজাৰত সংঘটিত উক্ত অগ্নিকাণ্ডৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বুজ লয় । এই ক্ষেত্ৰত মন্ত্ৰী ভৱেশ কলিতাই ক্ষতিগ্ৰস্ত ব্যৱসায়ী লোকসকলক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ বাবে চিৰাং জিলা উপায়ুক্তক নিৰ্দেশ দিয়া বুলি সংবাদ মাধ্যমৰ আগত ঘোষণা কৰে ।

আনফালে মন্ত্ৰী ভবেশ কলিতাই বৃহত্তৰ বিজনীৰ উত্তৰাঞ্চলত আপাত কালীন সেৱাৰ বাবে অগ্নি নিৰ্বাপক বাহিনীৰ উপ কেন্দ্ৰ স্থাপনৰ বাবে স্থানীয় বিধায়কক আৰু ৰাইজক প্ৰস্তাব দিবলৈ আহ্বান জনায়।

ইফালে অগ্নিকাণ্ডত বিশেষ ভাৱে ক্ষতিগ্ৰস্ত ক্ষুদ্ৰ ব্যৱসায়ী সুনীল বিশ্বাসেও সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ বাবে আহ্বান জনায়। ব‍্যৱসায়ী জনৰ নিজৰ ব‍্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে বজাৰৰ ওচৰতে থকা বাসগৃহটোও অগ্নিত জাহ যায়।

ইপিনে বিজনীৰ ২নং বিষ্ণুপুৰ বজাৰৰ অগ্নিকাণ্ডত বজাৰখন সম্পূৰ্ণ ৰূপে জুইত জাহ যোৱাৰ লগতে গাঁৱৰ কেইখনমান ঘৰ সম্পূৰ্ণ ৰূপে জুইত জাহ যায় ৷ দৰিদ্ৰ কৃষক শ্ৰেণীৰ লোকৰ এই দুৰ্যোগৰ সময়ত সেয়ে আজি মন্ত্ৰী ভৱেশ কলিতাই অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত অঞ্চল ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ক্ষতিপূৰণ দিয়াৰ আশ্বাস প্ৰদান কৰে।

 

Exit mobile version