পৰিয়ালক অৰ্পণ কৰা হ’ল মিজো দুস্কৃতিকাৰীৰ হাতত মৃত্যু হোৱা ইনতাজ আলীৰ মৃতদেহ

1149534f d8d4 4f4a a4ed 3ff4f35f7c39

আজি মিজো দুস্কৃতিকাৰীৰ হাতত মৃত্যু হোৱা ইনতাজ আলীৰ মৃতদেহ মিজোৰাম আৰক্ষীয়ে অসম আৰক্ষীৰ হাতত চমজাই দিয়ে ৷ আজি পুৱা ১০ বজাত কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু ইনতাজ আলীৰ পৰিয়ালৰ লোকসকলৰ হাতত মিজো আৰক্ষীয়ে ইনতাজৰ মৃতদেহ অৰ্পণ কৰে ৷

আনহাতে ইনতাজ আলীৰ মৃতদেহ কাছাৰ আৰক্ষী চমজি লোৱাৰ পিছত শিলচৰ মেডিকেল কলেজলৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যোৱা হয়৷ইপিনে ইনতাজ আলীৰ মৃত্যুৰ পিছত লায়পুৰত এতিয়া উত্তেজনাই বিৰাজ কৰিছে ৷ শতাধিক ৰাইজৰ প্ৰতিবাদ ৰাজপথত আৰম্ভ হৈছে ৷প্ৰতিবাদী ৰাইজে মিজোৰাম চৰকাৰে উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবী কৰিছে ৷

আনহাতে সীমান্তৰ পৰিস্থিতিৰ বুজ লবলৈ আজি অসমৰ DGP ভাস্কৰজ্যোতি মহন্ত আৰু মুখ্য সচিব জিষ্ণু বৰুৱা সীমান্তৰ লায়লাপুৰত উপস্থিত হয়।ইনতাজ আলীৰ ঘৰত উপস্থিত হৈ তেওঁলোকে শোক প্ৰকাশ কৰাৰ লগতে মৃত পৰিয়ালৰ হাতত পাঁচ লাখ টকাৰ চেক প্ৰদান কৰাৰ লগতে মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ এখন শোকবাৰ্তা দিয়া হয় ৷এই সময়ত উপস্থিত থাকে মন্ত্ৰী পৰিমল শুক্লবৈদ্য, সাংসদ ৰাজদ্বীপ ৰয় , DC কৃত্তি জল্লী, DIG দিলীপ দে আৰু SP বি এল মিনা ৷

ইপিনে DGP ভাস্কৰজ্যোতি মহন্তই কয় “অসমৰ মানুহ অসভ্য নহয় ৷ আৰু অসমে অন্যায় নকৰে ৷ কিন্তু অসমৰ ক্ষেত্ৰত অন্যায় হ’লে ইয়াৰ সহ্য কৰা নহ’ব ৷”ইপিনে মুখ্য সচিব জিষ্ণু বৰুৱাই কয়” অসমৰ এক ইঞ্চি মাটি এৰি দিয়া নহ’ব ৷”লগতে তেওঁ কয় যে অসম আৰু মিজোৰামৰ সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে কেন্দ্ৰত আলোচনা চলিছে আৰু অহা এক সপ্তাহৰ ভিতৰত এই সমস্যাৰ সমাধান হ’ব পাৰে ৷

উল্লেখযোগ্য যে অসম মিজোৰামৰ মাজত বৈঠকৰ ৰিজোলিউচনৰ কপি জ্বলাই দিয়া হৈছিল আইজলত । কৰিমগঞ্জৰ ইছাবিল চা বাগিচাৰ গেষ্ট হাউচত অনুষ্ঠিত কৰা বৈঠক অবৈধ আছিল বুলি ঘোষণা কৰি MZP সংগঠনে জ্বলাই দিয়ে দুখন ৰাজ্যৰ শান্তি চুক্তিৰ কপি । অথচ মিজোৰামৰ মামিট জিলাৰ ডিচিয়ে সংবাদমাধ্যমৰ আগত শান্তিৰ বানী শুনাইছিল৷

Exit mobile version