ৰাষ্ট্ৰপতি হিচাপে ডেম’ক্ৰেটিক আৰু ৰিপ্লাব্লিকানসকলৰ কাৰণে সকলো কাম কৰিমঃজ’ বাইডেন

us election trump biden

স্থানীয় সময় অনুসৰি আজি আমেৰিকাত অনুষ্ঠিত হৈছে বহু প্ৰত্যাশিত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন ।

একাংশ আমেৰিকাবাসীয়ে ইতিমধ্যে বেলটপেপাৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে।

উল্লেখযোগ্য যে আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্প আৰু জ’ বাইডেনৰ মাজত নিৰ্বাচনী ৰণ ক্ষিপ্ৰ হৈ পৰিছে ৷

আনহাতে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী জ’ বাইডেনে টুইটাৰত উল্লেখ কৰে যে যদি জ’ বাইডেন ৰাষ্ট্ৰপতি পদত জয়ী হয় তেন্তে তেওঁ ডেম’ক্ৰেটিক আৰু ৰিপ্লাব্লিকানসকলৰ কাৰণে কাম কৰিব ৷

কাৰণ এইয়া “ৰাষ্ট্ৰপতিৰ দায়িত্ব বা চাকৰি” ৷ বাইডেনৰ মতে ” মই ডেম’ক্ৰেট হিচাপে গৌৰৱ কৰো ৷কিন্তু মই ৰাষ্ট্ৰপতি হ’ম আমেৰিকাৰ। মই ডেম’ক্ৰেট আৰু ৰিপ্লাব্লিকানসকলৰ কাৰণে কঠোৰ পৰিশ্ৰম কৰিম।কাৰণে এইয়া মোৰ দায়িত্ব।”

আনহাতে আজি আমেৰিকাৰ বিভিন্ন স্থানীয় সময়ত নিৰ্বাচন অনুষ্ঠিত হয়। কোনো ঠাইত পুৱা ৬ বজাৰ পৰা কোনো ঠাইত নিশা ৯ বজাত অনুষ্ঠিত হয়।

Exit mobile version