অসম মিজোৰাম সীমান্তত শীঘ্ৰেই কেন্দ্ৰীয় সশস্ত্ৰ বাহিনী মোতায়েন কৰা হ’ব : জিষ্ণু বৰুৱা

Assam chief secretary Jishnu Baruah rght and DGP B J Mahanta left in the law and order review meeting on Wednesday

শীঘ্ৰেই অসম মিজোৰাম সীমান্তত কেন্দ্ৰীয় সশস্ত্ৰ বাহিনী মোতায়েন কৰা হ’ব ৷ দুই ৰাজ্যৰ মাজত চলি থকা ভূমি বিবাদক লৈ যি পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি কয় ৰাজ্যৰ মুখ্য সচিব প্ৰধান জিষ্ণু বৰুৱাই ৷ ‘দুই ৰাজ্যৰ সীমান্তত এতিয়া থাকিব কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীৰ টহল ৷’ আজি শিলচৰ উপায়ুক্ত কাৰ্যালয়ত বৰাকৰ তিনিখন জিলাৰ জিলা উপায়ুক্ত আৰু এছপিৰ লগত আলোচনাত মুখ্য সচিব প্ৰধান জিষ্ণু বৰুৱা আৰু ডিজিপি ভাস্কৰজ্যোতি মহন্ত মিলিত হোৱাৰ পিছত সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে জিষ্ণু বৰুৱাই ৷

উল্লেখ্য যে অসম মিজোৰাম সীমান্তৰ পৰিস্থিতিৰ বুজ ল’বলৈ মঙলবাৰে শিলচৰত উপস্থিত হয় ৰাজ্যৰ মুখ্য সচিব প্ৰধান জিষ্ণু বৰুৱা আৰু ডিজিপি ভাস্কৰজ্যোতি মহন্ত ৷ মঙলবাৰে দুয়ো প্ৰথমে মিজো দুষ্কৃতিকাৰীৰ হাতত মৃত্যু হোৱা ইনতাজ আলীৰ লায়লাপুৰৰ ঘৰত উপস্থিত হয় আৰু ইনতাজ আলীৰ পৰিয়ালৰ হাতত চৰকাৰী সাহায্য প্ৰদান কৰে ৷

Exit mobile version