আমেৰিকাৰ ৰাজনীতিত তৃতীয় বাৰৰ কাৰণে জয়যাত্ৰা ভাৰতীয় মূলৰ কংগ্ৰেছ নেতাৰ

raja krishnamoorthi

ভাৰতীয় মূলৰ ডেম’ক্ৰেটিক কংগ্ৰেছৰ নেতা ৰাজা কৃষ্ণমূৰ্তি একাৰাহে তৃতীয় বাৰৰ কাৰণে আমেৰিকাৰ প্ৰতিনিধি সভাৰ কাৰণে নিৰ্বাচিত হৈছে।

ADVERTISEMENT

৪৭ বয়সীয়া শ্ৰী কৃষ্ণমূৰ্তি নতুন দিল্লীত জন্ম গ্ৰহণ কৰিছিল। কৃষ্ণমূৰ্তিয়ে লিব্ৰেটেৰিয়ান দলৰ নেতা প্ৰেষ্টন নেনচনক সহজতে পৰাজয় কৰে। কৃষ্ণমূৰ্তিয়ে প্ৰায় ৭১শতাংশ ভোট লাভ কৰি জয় লাভ কৰিছে।

শ্ৰী কৃষ্ণমূৰ্তিৰ পিতৃ-মাতৃ তামিলনাডুৰ বাসিন্দা।

ইয়াৰ মাজতে কংগ্ৰেছৰ এমি বেৰা কেলিফৰ্ণিয়াৰ পৰা প্ৰতিনিধিসভাত পঞ্চমবাৰৰ কাৰণে জয়ী হয়। আনহাতে কেলিফৰ্ণিয়াৰ পৰা হাউচ অফ ৰিপ্ৰেজেণ্টেটিভত ৰ’ খান্না জয়ী হয় ।

কংগ্ৰেছনেত্ৰী প্ৰমিলা জয়াপালে ৱাশ্বিংটনৰ পৰা তৃতীয় বাৰৰ কাৰ্যকালত অটুত ৰাখিবলৈ সক্ষম হৈছে ৷

কেলিফৰ্ণিয়া আৰু ৱাশ্বিংটনৰ বহু ৰাজ্যত ভোটদান অব্যাহত আছে ৷ফলাফলসমূহ অনতি পলমে প্ৰকাশ পাব ৷

Exit mobile version