এন এফ ৰেলৱেত ভয়ংকৰ কেলেংকাৰী

WhatsApp Image 2020 11 04 at 10.20.10 AM

উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ অধীনত শিলচৰ-ছাইৰং ৰেলপথ নির্মাণ বিভাগৰ একাংশই বিষয়াই ঠিকাদাৰৰ স’তে ঠিকাদাৰেৰে মিলিত হৈ বৃহৎ পৰিমাণৰ ধন জালিয়াতিৰে আত্মসাৎ কৰাৰ তথ্য পােহৰলৈ আহিছে। সম্প্রতি এই ভয়াৱহ দুর্নীতিৰ তদন্ত আৰম্ভ কৰিছে কেন্দ্রীয় তদন্তকাৰী সংস্থা (চি বি আই)ই ।

শ্বিলঙৰ মুখ্য কার্যালয়ত চি বি আইৰ শীর্ষ বিষয়াই দাখিল কৰা এজাহাৰ মর্মে অভিযুক্ত ৰেল বিষয়া এছ পি দেশমুখ, প্রদীপ কুমাৰ, তপেশ্বৰ ৰাভা আৰু বিমল দেই গুৱাহাটীৰ ‘নায়ক ইনফাষ্ট্রাকছাৰ প্রাইভেট লিমিটেড’ৰ প্ৰৱন্ধ সঞ্চালক অনন্ত চৰণ নায়ক আৰু সঞ্চালক বিশ্বজিৎ নায়কৰ স’তে সম্মিলিতভাৱে বহু কোটি টকাৰ কেলেংকাৰি সংঘটিত কৰে।

গুৱাহাটীৰ মালিগাঁৱৰ উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ নির্মাণ বিভাগৰ সেই সময়ৰ দায়িত্বৰত অভিযুক্ত বিষয়াসকলে জালিয়াতিৰে পাঁচটা নির্মাণ কার্যৰ ক্ষেত্ৰত ঠিকাদাৰক বিল পৰিশােধৰে অতিৰিক্ত ধন আদায় দিছিল। এই নির্মাণ কার্যসমূহ হৈছে ২০১৬ত ভৈৰৱী-ছাইৰং লাইনৰ বৃহৎ দলং নিৰ্মাণৰ বাবে আধাৰশিলাৰ কাম, দ্বিতীয়তে একেটা লাইনতে ২০১৩ত একক সুৰংগ পথ (নম্বৰ ২) নিৰ্মাণৰ কাম, একেটা বৰ্ষতে ভৈৰৱী-ছাইৰং লাইনত এক নম্বৰ সুৰংগ পথ নির্মাণৰ কাম, ২০১৫ত এই একেটা লাইনতে মথাউৰি আৰু দলং নিৰ্মাণৰ বাবে মাটি কটাৰ কাম তথা ২০১৬ত ভৈৰৱী-ছাইৰং লাইনৰ ১২ নম্বৰ বৃহৎ দলং নিৰ্মাণৰ আধাৰ গাঁথনিৰ কামৰ বাবদ অতিৰিক্ত ধন আত্মসাত দুর্নীতি সংঘটিত হৈছে।

মালিগাঁৱৰ মুখ্য কার্যালয়ৰ তিনিজন বিষয়াই ২০১৯ৰ ১৬ ছেপ্টেম্বৰৰ পৰা ১৭ ছেপ্টেম্বৰলৈ শিলচৰ নিৰ্মাণ গােটে বিলৰ ধন পৰিশােধ কৰা বিলৰ আহি পৰীক্ষা কৰে। এই পৰীক্ষাত দেখা যায় যে কিছুমান নির্দিষ্ট পি বি চি বিলত জালিয়াতি কৰা হৈছে। ফলত প্রাপ্য ধনতকৈ অতিৰিক্ত ধন ঠিকাদাৰক আদায় দিয়া হৈছে। শিলচৰ আৰু মালিগাঁৱৰ বিত্ত বিভাগ (নির্মাণ)ৰ অভিযন্তা আৰু বিষয়া তথা কর্মীৰ অশুভ চক্রই এই দুর্নীতি সংঘটিত কৰিছে।

তথ্য অনুসৰি নায়ক ইনফ্রাস্ট্রাকছাৰ প্রাইভেট লিমিটেডে ১,৮০,৩২,৭২৮ টকা মূল্যৰ বিলখনত জালিয়াতিৰে বাওঁফালে প্রথমত এটা সংখ্যা যােগ দি ইয়াৰ পৰিমাণ ১১,৮০,৩২,৭২৮ টকালৈ বৃদ্ধি কৰি বিল জমা দিছিল।

আনহাতে, আন এক জালিয়াতিৰ কাৰ্যত নির্মাণ গােষ্ঠীৰ ঠিকাদাৰে ২,৯২,৭৭,৪৫৭ টকাৰ এখন বিলৰ উক্ত পদ্ধতিৰে জালিয়াতিৰে প্রথমৰ ফালে এক যােগ দি সেই বিলৰ পৰিমাণ কৰিছিল ১২,৯২,৭৭,৪৫৭ কৰি জমা দিছিল। আন এক নির্মাণ কাৰ্যৰ বাবে জালিয়াতিৰে ১,৫৬,২৩,৬৫৯ টকাৰ বিলখন একে পদ্ধতিৰে ১১,৫৬,২৩,৬৯৯ টকাৰ বিল জমা দিছিল।

আন এক নির্মাণ কার্যত মেচাৰ্ছ ছেনব’-নায়কৰ ঠিকাদাৰে ৩,৬৯,৭১,০৪০ টকাৰ বিলখনত বাওঁফালে এক সংখ্যা দি ১৩,৬৯,৭১,০৪০ কৰি জমা দিছিল। আন এখন বিলত ৩,২৪,৬৩,৩৯৬ টকাৰ বিলখনৰ পৰিমাণ একে পদ্ধতিৰে ১৩,২৪,৬৩,৩৯৬ টকা কৰি জমা দিয়া হৈছিল। একেদৰে আন এখন ২,০৭,১২,১৪৪ টকাৰ বিল একে পদ্ধতিৰে জালিয়াতি কৰি ১২,০৭,১২,১৪৪ কৰা হৈছে। আন এখন বিলত ৭,২৪,২৯,৭৫১ টকাৰ বিল বৃদ্ধি কৰা হৈছিল ১৭,২৪,২৯,৭৫১লৈ আৰু ৬,৫৪,৬৪,৮২২ টকাৰ বিল একে পদ্ধতিৰে জালিয়াতি কৰি ১৬,৫৪,৬৪,৮২২ টকালৈ বৃদ্ধি কৰা হৈছিল।

এইদৰে বিষয়া-ঠিকাদাৰৰ জালিয়াতি চক্রই বহু কোটি টকাৰ অতিৰিক্ত ধন সৰকাই নিয়ে। অভিযােগ অনুসৰি শিলচৰৰ উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ নির্মাণ বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্রদীপ কুমাৰ শৰ্মা, সহকাৰী বিত্ত উপদেষ্টা তপেশ্বৰ ৰাভা, উত্তৰ-পূৱ ৰেলৱে শিলচৰৰ নির্মাণ বিভাগৰ বিষয়া বিমল দেই বিভিন্ন বিলসমূহ পৰীক্ষা-নিৰীক্ষা কৰি পৰিশােধৰ বাবে অনুমােদন জনায়, তথা উত্তৰ- পূৱ সীমান্ত ৰেলৱে শিলচৰৰ উপ-মুখ্য অভিযন্তা এছ পি দেশমুখে এই বিলসমূহ পৰিশােধ কৰে।

এই জালিয়াতিৰ ফলত ৭,৮১,৪৫,৯৮১ টকা ৰেল বিভাগৰ ক্ষতি হৈছে বুলি এজাহাৰত কোৱা হৈছে। শ্বিলঙৰ চি আই ডিৰ দুর্নীতি নিবাৰক শাখা (এ চি বি)ই এই গােচৰৰ তদন্ত কৰি আছে ।

Exit mobile version