গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আই.চি.ইউ কোঠাৰপৰা অসমবাসীলৈ প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ অডিঅ’ বাৰ্তা প্ৰেৰণ

Tarun Gogoi

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীনহৈ থকা প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে আই.চি.ইউ কোঠাৰপৰা সংবাদ মাধ্যমৰ জৰিয়তে অসমবাসী ৰাইজলৈ এক অডিঅ’ বাৰ্তাটি প্ৰেৰণ কৰে ।

তেওঁ কয় যে, “মই এতিয়াৰ পৰা সমাজকর্মী হিচাপে কাম কৰি আগবাঢ়ি যাব বিচাৰিছো । ৰাইজৰ আশীৰ্বাদ বা ভগৱানৰ আশীৰ্বাদ নোহোৱাকৈ আজি এই কাম কৰা সম্ভৱ নহ’লহেঁতেন। মই আশা কৰিছো যাতে অসমবাসী ৰাইজে মোক সদায় মৰম কৰে । তিতাবৰবাসী আৰু যোৰহাটবাসীয়ে মৰম কৰি আছেই, অসমবাসীৰ পৰা যি মৰম চেনেহ পাই আছো, সেয়াই সামাজিক জীৱনৰ মূলমন্ত্ৰ ।”

আৰু সেই মূলমন্ত্ৰক লৈয়ে ভৱিষ্যতে কাম কৰি গৈ থাকিম ।”

Exit mobile version