Raghav Chadha:✒️সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই অৱশেষত আম আদমি পাৰ্টি (আপ)ৰ জ্যেষ্ঠ নেতা ৰাঘৱ চাড্ডাই ভাৰতীয় জনতা পাৰ্টি (বিজেপি)ত যোগদান কৰিলে। সূত্ৰৰ তথ্য অনুসৰি, আপৰ আন ছয়জন সাংসদেও একে সময়তে পদ্মশিবিৰত যোগদান কৰিছে, যাৰ ফলত ৰাজনৈতিক মহলত ব্যাপক চাঞ্চল্য সৃষ্টি হৈছে।
শুক্ৰবাৰে দুপৰীয়া অনুষ্ঠিত এখন সাংবাদিক বৈঠকত ৰাঘৱ চাড্ডাসহ আপৰ তিনিগৰাকী সাংসদে দলত্যাগৰ ঘোষণা কৰে। তেওঁলোকে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰাৰ কথা ঘোষণা কৰে।
ইয়াৰ আগতে ৰাঘৱ চাড্ডাই নিজৰ পৃথক ৰাজনৈতিক দল গঠন কৰিব পাৰে বুলি চৰ্চা চলিছিল, কিন্তু শেষত তেওঁ বিজেপিত যোগদান কৰাকেই বাছি লয়।
সাংবাদিক বৈঠকত ৰাঘৱ চাড্ডাই কয় যে, তেওঁলোক সংবিধানক ভিত্তি কৰি বিজেপিৰ স’তে একত্ৰিত হৈছে। তেওঁৰ মতে, ৰাজ্যসভাত আপৰ সাংসদ সংখ্যাৰ দুই-তৃতীয়াংশ ইতিমধ্যে বিজেপিত যোগদান কৰাৰ ফলত দলত্যাগ-বিৰোধী আইন তেওঁলোকৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়।
আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰা আপৰ সাংসদসকলৰ ভিতৰত ৰাঘৱ চাড্ডা, স্বাতী মালিওৱাল, হৰভজন সিং, অশোক মিত্তল, সন্দীপ পাঠক, ৰাজিন্দৰ গুপ্তা আৰু বিক্ৰম সাহানীৰ নাম উল্লেখ হৈছে।
দলত্যাগৰ কাৰণ ব্যাখ্যা কৰি ৰাঘৱ চাড্ডাই কয়, “মই মোৰ ঘাম-ৰক্ত দি আপক গঢ় দিছিলোঁ, মোৰ যৌৱনৰ ১৫টা বছৰ এই দলক দিছিলোঁ। কিন্তু এতিয়া এই দল নিজৰ আদৰ্শৰ পৰা আঁতৰি গৈছে। দলটো এতিয়া দেশৰ স্বাৰ্থত নহয়, ব্যক্তিগত লাভৰ বাবে কাম কৰি আছে। মই অনুভৱ কৰিছোঁ যে মই ভুল দলত সঠিক ব্যক্তি হিচাপে আছোঁ। সেয়ে মই আপ ত্যাগ কৰি জনতাৰ মাজলৈ ওলাই আহিছোঁ।”
উল্লেখ্য যে, ৰাঘৱ চাড্ডাৰ বিজেপিত যোগদান বহুদিন ধৰি সম্ভাৱ্য বুলি চৰ্চা চলি আছিল।






























