বঙাইগাঁওত বিদ্যালয়ৰ কোঠালীত শিক্ষাগুৰুৰ হাতত লাঞ্চিতা ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী

WhatsApp Image 2020 11 04 at 5.26.39 PM

সমগ্ৰ দেশত কৰ’নাৰ আতংকৰ বাবে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ দীৰ্ঘদিন বন্ধ থকাৰ পিছত ২ নৱেম্বৰত ৰাজ্য চৰকাৰে পুনৰ খোলাৰ অনুমতি প্ৰদান কৰে । কিন্তু দুৰ্ভাগ্যজনকভাৱে পাঠদান আৰম্ভ হোৱাৰ দিনাই প্ৰধান শিক্ষকৰ দ্বাৰা কামনাৰ বলি হ’ল এগৰাকী ছাত্ৰী । ঘটনাটো সংঘটিত হৈছে বঙাইগাঁও জিলাৰ চাপৰাকাটা মজলীয়া বিদ্যালয়ত ।

অভিযোগ মতে বিদ্যালয়খনৰ প্ৰধান শিক্ষক ৰানু ৰাম ৰাভাই সুযোগ বুজি শ্ৰেণী কোঠালীতে ছাত্ৰী গৰাকীক শাৰীৰিক নিৰ্যাতন চলায় । ছাত্ৰী গৰাকীৰ এজাহাৰৰ ভিত্তিত নিশাই প্ৰধান শিক্ষক ৰানু ৰাম ৰাভাক গ্ৰেপ্তাৰ কৰে বঙাইগাঁও আৰক্ষীয়ে । ঘটনাটো সোমবাৰে দিনৰ ভাগত সংঘটিত হৈছিল যদিও সমগ্ৰ ঘটনা নিশাৰ ভাগতহে পোহৰলৈ আহে । আৰু ইয়াৰ পিছতেই বঙাইগাঁৱত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

Exit mobile version