মানাহত বিৰল প্ৰজাতিৰ কাছসহ এজনক গ্ৰেপ্তাৰ

WhatsApp Image 2020 11 04 at 7.55.55 PM

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্তী কাটাঝাৰত মঙলবাৰে নিশা মানাহৰ বনকৰ্মীৰ দলে অভিযান চলাই এটা বিৰল প্ৰজাতিৰ কাছ উদ্ধাৰ কৰাৰ লগতে এজনক গ্ৰেপ্তাৰ কৰে ৷ মানাহৰ বাঁহবাৰী ৰেঞ্জত কৰ্মৰত বনকর্মী( এফ আৰ-১) বনজিৎ দাসৰ নেতৃত্বত শালবাৰী আৰক্ষী থানাৰ অন্তৰ্গত কাটাঝাৰৰ কিৰণ দাস নামৰ লোকজনৰ ঘৰত ৰাখি থোৱা অৱস্থাত ‘ইণ্ডিয়ান পিক’ক ছ্‌ফটশ্বেল টাৰটল নামৰ বিৰল প্ৰজাতিৰ কাছটো উদ্ধাৰ কৰাৰ লগতে ঘটনাত জড়িত লোকজনকো গ্ৰেপ্তাৰ কৰে ৷

অভিযুক্ত কিৰণ দাস নামৰ লোকজনক মুছলপুৰ আদালতত হাজিৰ কৰোৱাৰ পিছত জেল হাজোতলৈ প্ৰেৰণ কৰা হয় ৷ ইফালে সম্পূৰ্ণ সুস্থ অৱস্থাত উদ্ধাৰ কৰা কাছটো মানাহৰ অন্তৰ্ভাগৰ জলাশয়ত মুকলি কৰি দিয়া হয় ৷ উল্লেখযোগ্য যে একাংশ দুষ্কৃতিকাৰীয়ে বিভিন্ন বন্যপ্ৰাণীৰ মঙহৰ লোভত মানাহত অবৈধ চিকাৰ কাৰ্য চলাই আহিছে যদিও ইতিমধ্যে মানাহৰ বনকৰ্মীয়ে বহুকেইটা দুষ্কৃতিকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে ৷

Exit mobile version