- নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধিক লৈ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত মুখ্যমন্ত্ৰীৰ জৰুৰী বৈঠক ৷
- বৈঠকত কৃষিমন্ত্ৰী, খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী, মুখ্য সচিব, মহানগৰ আৰক্ষী আয়ুক্ত, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তকে ধৰি উচ্চপদস্থ বিষয়াৰ অংশগ্ৰহণ ৷
- বৈঠকত কামৰূপ চেম্বাৰ্চ অৱ কমাৰ্চ, আছাম চেম্বাৰ্চ অৱ কমাৰ্চ, আলু আৰু পিয়াজ ব্যৱসায়ী সন্থা, কণী ব্যৱসায়ী সন্থা, মাছ ব্যৱসায়ী সন্থা, মাংস ব্যৱসায়ী সন্থা, হাঁহ-কুকুৰা ব্যৱসায়ী সন্থা, শাক-পাচলি ব্যৱসায়ী সন্থা, ফল-মূল ব্যৱসায়ী সন্থাৰ প্ৰতিনিধিৰ সৈতে মত-বিনিময় ৷
- বৈঠকত খাদ্য আৰু অসামৰিক যোগান বিভাগ, উদ্যান শস্য, পশু পালন, দুগ্ধ, কৃষি বিভাগৰ বিষয়াৰ অংশগ্ৰহণ ৷
বৈঠকত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়-
- মূল্যবৃদ্ধি ৰোধক লৈ চৰকাৰ তৎপৰ হৈছে ।
- যোগান, কৃষি বিভাগৰ লগতে সকলো ব্যৱসায়ী সংস্থাৰ লগত আলোচনা হৈছে ।
- বৃহস্পতিবাৰে যোগান মন্ত্ৰীৰ তত্বাৱধানত বিশেষ বৈঠক অনুষ্ঠিত হ’ব ।
- শীঘ্ৰে দূৰ হ’ব ৰাইজৰ দুখ-দুৰ্দশা ।
আনহাতে, মূল্যবৃদ্ধিৰ সন্দৰ্ভত কৃষি মন্ত্ৰী অতুল বৰাই কয় যে,
- অসৎ উপায়েৰে কোনোৱে মূল্য বৃদ্ধি কৰিলে আইনী ব্যৱস্থা লোৱা হ’ব ।
- পামহী বজাৰত সামগ্ৰীৰ দাম নিৰ্ধাৰণ কৰিব পাৰি, কিন্তু আন বজাৰবোৰত মূল্য নিৰ্ধাৰণত কিছু অসুবিধা আছে ।
- উৎসতে মূল্য নিয়ন্ত্ৰণৰ চিন্তা চৰ্চা কৰা হৈছে ।
- যোগান বিভাগৰ লগতে কৃষি বিভাগৰ ফালৰ পৰাও লৈছে পৰামৰ্শ ।
এই সন্দৰ্ভত যোগান মন্ত্ৰীয়ে কয় এনেদৰে-
- কাইলৈৰ পৰা পিয়াজৰ হ’ব পাইকাৰী মূল্য ৫০ টকা ।
- পদপথৰ ব্যৱসায়ীক লৈ কাইলৈ হ’ব পুনৰ বৈঠক ।
- উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হ’ব বৈঠক ।
- বৈঠকতমূল্যবৃদ্ধি নিয়ন্ত্ৰণ সন্দৰ্ভত আলোচনা কৰা হ’ব ।