গুইজান শাখা ছাত্ৰ সন্থাৰ উদ্যোগত সুধাকণ্ঠ ড° ভুপেন হাজৰিকাৰ মৃত্যু তিথিৰ উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

f8326247 f34f 4b18 8d15 a12970cf7f4f

সমগ্ৰ অসমৰ সমান্তৰালকৈ আজি গুইজান শাখা ছাত্ৰ সন্থাইও বিগত বৰ্ষসমূহৰ দৰে চলিত বৰ্ষতো ভাৰতৰত্ন সুধাকণ্ঠ ড° ভুপেন হাজৰিকাৰ নৱম সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে গুইজান চাৰিআলিত শ্ৰদ্ধাঞ্জলী আৰু ৰাজহুৱা বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰে।

সন্ধিয়া ৫ বজাত আৰম্ভ কৰা অনুষ্ঠানটোত বন্তি প্ৰজ্বলন কৰে তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমৰজ্যোতি গোহাঁইয়ে।

কাৰ্যসূচীৰ লগত সংগতি ৰাখি সুধাকণ্ঠ ড° ভুপেন হাজৰিকাৰ স্মৃতিত এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে। সাংস্কৃতিক অনুষ্ঠানটোত সংগীত পৰিৱেশন কৰে অঞ্চলটোৰ বহুকেইগৰাকী উদীয়মান সংগীত শিল্পীয়ে।

Exit mobile version