দেশৰ ৰাজধানী দিল্লীত পুনৰ কৰ’নাত আক্ৰান্ত ৬,৮৪৩ জন লোক

Coronavirus 1

বৃহস্পতিবাৰে দিল্লীত ৬,৮৪২ টা নতুন ঘটনাৰ তথ্য পোহৰলৈ আহিছে। দেশৰ ৰাজধানীখনত ৫,৭৯৭ জন সুস্থ হৈ উঠিছে আৰু ৪ নৱেম্বৰত ৫১ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে ।

দিল্লী চৰকাৰৰ স্বাস্থ্য বিভাগে সদৰী কৰা মতে, বিগত ২৪ ঘণ্টাত দিল্লীত ৫৮,৯১০টা ক’ভিড টেষ্ট সম্পন্ন কৰা হৈছে । ইয়াৰ ভিতৰত ১৪,৫৭৪ টা আৰটিপিচিআৰ আৰু ৪৪,৩৩৬ টা ৰেপিড এন্টিজেন টেষ্ট কৰা হৈছে । আক্রান্তৰ হাৰ ১১.৬১ %, সুস্থতাৰ হাৰ ৮৯.২৪% আৰু মৃত্যুৰ হাৰ ১.৬৪ % ।

এক বিবৃতিত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দিল্লীত তৃতীয় পৰ্যায়ৰ সংক্ৰমণৰ আশংকা কৰা হৈছে বুলি উল্লেখ কৰে । লগতে সময় অনুযায়ী উচিত পদক্ষেপ ল’বলৈ আহ্বান জনায় ।

সূত্ৰ অনুসৰি দিল্লীত সম্প্ৰতি ২২,২৪৮ জন ৰোগী হোম আইছ’লেছনত আছে । আনহাতে ৩,৫৯৬ টা অঞ্চল কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে ।

এই পর্যন্ত ভাৰতত ৫,৩৩,৭৮৭ জন কৰ’নাত আক্ৰান্ত ৰোগী চিকিৎসাধীন হৈ আছে আৰু ৭৬,৫৬,৪৭৮ জন ৰোগী সুস্থ হৈ উঠিছে।

Exit mobile version