প্ৰথমবাৰৰ কাৰণে তাৰকাপুঞ্জত দেখিবলৈ পোৱা গ’ল ৰেডিঅ’ বিস্ফোৰণ

WhatsApp Image 2020 11 05 at 8.14.30 PM

প্ৰথমবাৰৰ কাৰণে হাতীপতিৰ তাৰকাপুঞ্জত দেখা গ’ল ৰেডিঅ’ বিস্ফোৰণ ৷সূৰ্যৰ পৰা এমাহত যিমান পৰিমাণৰ শক্তি বিকিৰণ হয়। তাতকৈ অধিক বিকিৰণ হৈছে এই ৰেডিঅ’ বিস্ফোৰণত ৷

বিগত ১৩ বছৰত দূৰবীণৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ ৰেডিঅ’ বিস্ফোৰণ প্ৰত্যক্ষ কৰিছো। কিন্তু সেই সকলো ৰেডিঅ’ বিস্ফোৰণতকৈ পৃথক এই শক্তি বিকিৰণ। এই ৰেডিঅ’ বিকিৰণক কোৱা হয় “ভিন্ন গ্ৰহৰ বিকিৰণ” বুলিও কোৱা হয়।

কিন্তু এনেধৰণৰ শক্তিশালী ৰেডিঅ’ বিস্ফোৰণ আমি পূৰ্বতে কেতিয়াও প্ৰত্যক্ষ কৰা নাই। আন্তঃজাৰ্তিক বিজ্ঞান পত্ৰিকা “Nature”ত প্ৰকাশ কৰা অনুসৰি এই বিস্ফোৰণটো সংঘটিত হৈছে পৃথিৱীৰ পৰা ৩২ হাজাৰ আলোকবৰ্ষৰ দূৰত্বত ।

আনহাতে জ্যোতিবিজ্ঞানৰ ভাষাত এই বিস্ফোৰণক কোৱা হয় “ফাষ্ট ৰেডিঅ’ ব্ৰাষ্ট”৷ দুটা টেলিস্কপ’ত এনেধৰণৰ ঘটনাক তাৰকাপুঞ্জত বিগত ২৬ এপ্ৰিলত দেখা গৈছিল।

বিজ্ঞানীসকলৰ মতে আমাৰ তাৰকাপুঞ্জত বিস্ফোৰণ হয় চুম্বকীয় কাৰণত ৷প্ৰকৃততে এইয়া বিশ্বৰ সকলোতকৈ শক্তিশালী চুম্বকীয় ক্ষেত্ৰ ।

Exit mobile version