ট্ৰাম্পৰ ভাষণৰ লাইভ সম্প্ৰচাৰ বন্ধ কৰি দিলে আমেৰিকাৰ টিভি চেনেলে

QALXYPHEDFEJJPD7JAYR7SMID4

ফেচবুকৰ পাছত এইবাৰ আমেৰিকাৰ টেলিভিছনত মুখ থেকেচা খালে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। দেশৰ বহুকেইটা টিভি চেনেলে ভোট গণনাৰ সন্দৰ্ভত এটাৰ পিছত এটা মিছা মতাৰ অভিযোগত ট্ৰাম্পৰ ভাষণৰ প্ৰচাৰ আধাতে বন্ধ কৰি দিয়ে ।

ADVERTISEMENT

উল্লেখ্য যে ভোটগ্ৰহণৰ পিছত বৃহস্পতিবাৰে নিশা হোৱাইট হাউচত প্রথমবাৰৰ বাবে ট্ৰাম্পে সাৰ্বজনীক ৰূপত উপস্থিত হৈ ৰিপাব্লিকান সমৰ্থকসকলক সম্বোধন কৰে । কিন্তু ভাষণ আৰম্ভ হোৱাৰ আগতেই আমেৰিকাৰ আগশাৰীৰ টিভি নেটৱৰ্ক এবিচি, চিবিএছ আৰু এনিচিবিয়ে সম্প্ৰচাৰ বন্ধ কৰি দিয়ে । ইয়াৰ উপৰিও ভাষণৰ মাজতে চেনেলকেইটাৰ সঞ্চালকে ট্ৰাম্পৰ ভাষণক মিছা আখ্যা দিছে ।

Exit mobile version