প্ৰসংগ : আমেৰিকা ৰাষ্ট্ৰপতি নিৰ্বাচন

donald trump

বৃহস্পতিবাৰে জৰ্জিয়া আৰু মিছিগানৰ নিকটৱৰ্তী ৰাজ্যত আদালতী ৰায় হেৰুৱাইছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । উল্লেখযোগ্য যে ট্ৰাম্পে নিৰ্বাচনত জৰ্জিয়া আৰু মিছিগানত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছিল ।

অভিযোগ মতে, জৰ্জিয়াৰ ঘটনা সংক্রান্তত পলমকৈ পোৱা ৫৩ টা বেলট অন টাইম বেলটৰ স’তে মিশ্ৰিত হোৱাৰ অভিযোগ কৰা হৈছিল । মিছিগানত ভোট গণনা বন্ধ আৰু অনিয়ম সংঘটিত হৈছিল বুলি অভিযোগ কৰিছিল ট্ৰাম্পে ।

বৃহস্পতিবাৰে ৰাজ্যৰ ন্যায়াধীশে দুয়োটা অভিযোগ নস্যাৎ কৰে । জৰ্জিয়াৰ আদালতৰ ন্যায়াধীশ জেমচ বাসে কয়, বেলট অবৈধ বুলি কোৱাৰ কোনো ধৰণৰ প্ৰমাণ নাছিল ।

আনহাতে, ট্ৰাম্পৰ সমৰ্থকসকলে অভিযোগ কৰিছিল যে, নেৱাদাৰ জনবহুল ক্লাৰ্ক কাউণ্টিত ভোটগ্ৰহণ অনিয়ম হৈছে । য’ত লাচ ভেগাসো জড়িত আছে।

উল্লেখ্য যে, আমেৰিকা ৰাষ্ট্ৰপতি পদৰ প্রাৰ্থী যোগ্যতাৰ বাবে তিনিখন ৰাজ্যত ভোটগণনা প্ৰক্ৰিয়া এতিয়াও অব্যাহত আছে ।

Exit mobile version