সম্পত্তিৰ তথ্য দিব লাগিব অ’ চি- এছ আয়ে

এতিয়াৰে পৰা প্ৰতি বছৰে নিজৰ নিজৰ ধন-সম্পত্তিৰ তালিকা দাখিল কৰিব লাগিব অসম আৰক্ষীৰ বিভিন্ন থানাৰ ভাৰপ্ৰাপ্ত বিষয়া (অ’ চি)ৰ লগতে উপ-পৰিদৰ্শক (এছ আই)সকলেও । অসম আৰক্ষীত কৰ্মৰত অধিকাংশ নিম্নবর্গৰ বিষয়া  বিশেষকৈ পৰিদৰ্শক, উপ-পৰিদৰ্শকৰ পদত নিয়ােজিত হৈ থকাৰ সময়ত বক্রপথৰে ধন সংগ্রহ কৰি বিশাল ধন-সম্পত্তিৰ গৰাকী হােৱাৰ অভিযােগ সময়ে সময়ে উত্থাপিত হৈ আহিছে।

বিশেষকৈ থানা পর্যায়তে একো একোটা গােচৰ মীমাংসা কৰাৰ নামত বৃহৎ ধনৰ লেনদেন হােৱাৰ গুৰুতৰ অভিযােগে আৰক্ষীৰ খাকী পােছাকক কলংকিত কৰি আহিছে। অসম আৰক্ষীয়ে এই ক্ষেত্ৰত কেতবােৰ পদক্ষেপ গ্রহণ কৰি আহিছে যদিও সফল নােহােৱাত অৱশেষত কঠোৰ পদক্ষেপ হাতত লৈছে ।

উল্লেখ্য যে অসম আৰক্ষীৰ শীর্ষ পর্যায়ৰ বিষয়াসকলে বছৰি আয় অনুপাতে সম্পত্তিৰ হিচাপ দাখিল কৰিব লাগে যদিও নিম্ন পর্যায়ৰ বিষয়া যেনে পৰিদৰ্শক, উপ-পৰিদৰ্শক পদত নিয়ােজিত বিষয়াসকলে এই হিচাপ দাখিল কৰিব নালাগে। ফলত অধিকাংশ এনে পর্যায়ৰ বিষয়াই অনিয়মেৰে অবাধ হাৰত ধন ঘটি বিশাল সম্পত্তিৰ অধিকাৰী হােৱাৰ বহু ঘটনা সময়ে সময়ে ৰাজ্যত পােহৰলৈ আহিছে ।

অসম আৰক্ষীৰ নিম্ন পর্যায়ৰ এই বিষয়াসকলৰ দুর্নীতি ৰােধ কৰিবলৈ অৱশেষত আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই যােৱা ৩১ অক্টোবৰত জাৰি কৰা নির্দেশনাই বক্রপথৰে অবাধ সম্পত্তিৰ গৰাকী হােৱা অধিকাংশ পৰিদৰ্শক আৰু উপ-পৰিদৰ্শকৰ মাজত জোঁকাৰণিৰ সৃষ্টি কৰিছে । কিয়নাে এতিয়াৰ পৰা এইসকল নিম্নবর্গৰ বিষয়াই অসম আৰক্ষীৰ কাৰ্যালয়ত বছৰি আয় অনুপাতে দিব লাগিব স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ তালিকা ।

অসম চিভিল ছাৰ্ভিচ (কনডাক্ট) ৰােল-১৯৬৫ৰ অধীনত ১১(১)(এ) ধাৰাৰ চি ৭৭/ এচিআৰ / এপিআৰ/ এনজিঅ’ / ২০২০ / ০২ নম্বৰ নির্দেশনাৰ জৰিয়তে অসম আৰক্ষীৰ সশস্ত্র-শস্ত্রবিহীন উপ-পৰিদৰ্শক আৰু পৰিদর্শক পর্যায়ৰ সকলাে বিষয়াই বাধ্যতামূলকভাৱে বছৰি নিজৰ সা-সম্পত্তিৰ তালিকা দাখিল কৰিব লাগিব । এই বিষয়াসকলৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি পৃথকে পৃথকে দুটা পর্যায়ত প্রতিবছৰে ৩১ জানুৱাৰীৰ ভিতৰত জমা দিব লাগিব ।

উল্লেখ্য যে যিসকল বিষয়াই এই তথ্য নির্ধাৰিত সময়ত নাইবা দিবলৈ অমান্তি হয়, তেনে বিষয়াই ভিজিলেন্স ক্লিয়াৰেন্স লাভ নকৰিব আৰু তাৰ ফলত পদোন্নতি, ডেপুটেশ্যন, বিদেশ ভ্রমণ, বেংকৰ ঋণ আদি লাভৰ ক্ষেত্ৰত এন অ’ চি নাপাব বুলি নির্দেশনাত উল্লেখ কৰা হৈছে ।

সমান্তৰালভাৱে ছাৰ্ভিচ বুকতাে এই তথ্য নিদিয়াৰ কথা উল্লেখ থাকিব আৰু সেইসকলৰ বিৰুদ্ধে অসম চিভিল ছাৰ্ভিচ (কনডাক্ট) ৰােল-১৯৬৫ ভংগ কৰাৰ অপৰাধত বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সঞ্চালকপ্ৰধান মহন্তৰ স্বাক্ষৰিত নির্দেশনাটোত উল্লেখ কৰা হৈছে।

উল্লেখ্য যে এই নির্দেশনা অতি সহজভাৱে নল’বলৈ পৰিদৰ্শক আৰু উপ- পৰিদৰ্শক পর্যায়ৰ বিষয়াসকলক আহ্বান জনাই নির্দেশনাটো এই বৰ্ষৰ পৰাই প্রযােজ্য হ’ব বুলি কোৱা হৈছে। ইয়াৰ উপৰি বিষয়াসকলে দাখিল কৰা স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ তালিকা বন্ধ ফাইলত নাথাকি বিভাগীয় ৱেৱছাইটৰ জৰিয়তে ৰাজহুৱা কৰা হ’ব বুলি উল্লেখ কৰা হৈছে।

Exit mobile version