প্ৰত্যেকদিনাই পাৰিবাৰিক অশান্তিত ভুগি মাত্ৰ ১৫ বছৰ বয়সতে ঘৰ এৰিছিল এগৰাকী যুৱতীয়ে । সংগী বুলি ক’বলৈ হাতত মাত্ৰ এযোৰ জোতা, দুযোৰ কাপোৰ, নগদ ৩০০ টকা আৰু মনত অদম্য সাহস । অদম্য সাহস আৰু জেদভাৱেই ৩০০ টকাক কোটি টকালৈ পৰিণত কৰিলে যুৱতীগৰাকীয়ে । জুৱেলাৰী ব্যৱসায়েৰে আজি নিজকে কোটিপতিৰ মালিকলৈ পৰিণত কৰিলে চীনু কালা নাম যুৱতীগৰাকীয়ে ।
চীনু সম্প্ৰতি ৰুবান জুৱেলাৰীৰ মালিক । ৰাজস্থানত ১৯৭১ ৰ ১০ অক্টোবৰত জন্ম গ্ৰহণ কৰা চীনুৱে আনুষ্ঠানিক শিক্ষাৰ সুযোগ নাপালে, বাস্তৱ অভিজ্ঞতাই তাইৰ মূল প্ৰেৰণা । ১৫ বছৰৰ অসহায় যুৱতী গৰাকীৰ জীৱন বৰ সহজ নাছিল । ঘৰ এৰি অহাৰ পিছত প্ৰথম দুদিন বহু ভয় খাইছিল । ৰাস্তাই ৰাস্তাই ঘূৰি দিন কটাইছিল।
তাৰ পিছতে কোনোমতে প্ৰতি ৰাতি ২০ টকাৰ বিনিময়ত ৰাতি থকাৰ ব্যৱস্থা কৰে । কিছু দিনৰ পিছতে চাকৰিৰো ব্যৱস্থা কৰি লয় । দুৱাৰে দুৱাৰে বস্তু বেচিবলৈ আৰম্ভ কৰে । গোটেই দিন কেৱল বস্তু বেচি কেতিয়াবা ২০ টকা অর্জন কৰে আৰু কেতিয়াবা ৮০ টকা । প্ৰথমে ভাঙি পৰিছিল যদিও হাৰ নামানিলে চীনুৱে । মাত্ৰ এটা বছৰৰ ব্যৱধানতে বিক্ৰী কোম্পানীয়ে চুপাৰভাইজাৰ পদত পদোন্নীত কৰে ।
চীনুৱে ৰেষ্টুৰাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ কাম কৰিছিল। ২০০৪ ত তেওঁ বাংগালুৰুৰ নিবাসী অমিত কলাৰ স’তে বিবাহপাশত আবদ্ধ হয় । ২০০৬ ত চীনুৰ জীৱনৰ গতি সলনি হয় । বন্ধুবৰ্গৰ কথামতেই মিছ ইণ্ডিয়া প্ৰতিযোগিতাত অংশগ্ৰহন কৰে । চুড়ান্ত প্ৰতিযোগিতালৈ নিৰ্বাচিত হয় যদিও ইংৰাজীত ভালদৰে উত্তৰ দিব নোৱাৰাৰ বাবে প্ৰতিযোগিতাৰ পৰা বাহিৰ হ’বলগীয়া হয় ।
তাৰ পিছতে মডেলিং আৰম্ভ কৰে । মডেলিংত অহাৰ পিছত ফেচন জুৱেলাৰীত আগ্রহ জন্মে চীনুৰ । তেতিয়ালৈ আৰ্থিকভাৱে সবলো হৈ পৰিছিল । ২০১৪ত আৰম্ভ কৰে অনলাইন জুৱেলাৰী ব্যৱসায় । নাম দিয়ে Rubina Fashion Accessories । জুৱেলাৰী ব্যৱসায়েৰে ৩০০ টকাৰ পৰা জীৱন আৰম্ভ কৰা চীনু এতিয়া কোটিপতি ।