অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে আজাৰাত আছুৰ প্ৰতিবাদ

0094367a fa0a 4552 8fc4 25d535f05a96

অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰীৰ লগতে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ বিৰুদ্ধে আজি মহানগৰীৰ আজাৰাত পশ্চিম গুৱাহাটী ছাত্ৰ সন্থা( আছু)ৰ উদ্যোগত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়।

 প্ৰতিবাদকাৰী সকলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী মুখা পিন্ধি, ডিঙিত আলু পিয়াঁজৰ মালা লৈ প্ৰতিবাদ সাব্যস্ত কৰে।

আজাৰা আৰক্ষী চকীৰ সম্মুখত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত শতাধিক আছু কৰ্মীয়ে কাঁহি-বাতি বজাই ‘বিজেপি চৰকাৰ হায় হায়’, ‘মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ মূর্দাবাদ’, ‘হিমন্ত বিশ্ব শৰ্মা গ’ বেক’, ‘শুই থকা ফণীভূষণ হায় হায়’, ‘বিজেপি চৰকাৰ হুচিয়াৰ’, ‘মূল্যবৃদ্ধি ৰোধ কৰক’ আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে ।

উল্লেখ্য যে, বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে অতি শীঘ্ৰে মূল্য বৃদ্ধি ৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰিলে সদৌ অসম ছাত্ৰ সন্থাই জংগী আন্দোলনৰ কাৰ্যসূচী হাতত ল’ব বুলিও তীব্ৰ হুংকাৰ দিয়ে।

উক্ত প্ৰতিবাদী কাৰ্যসূচীত পশ্চিম গুৱাহাটী ছাত্ৰ সন্থাৰ সভাপতি জিণ্টুমনি শৰ্মা, সাধাৰণ সম্পাদক মণ্টু দাস, বিত্ত সম্পাদক ধ্ৰুৱজ্যোতি দাস, সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ উপ সভাপতি জিতেন দাস, সহ:সাধাৰণ সম্পাদক অলকেশ নাথ, বিত্ত সম্পাদক নিতু ৰাজ বংশী, কাৰ্যনিৰ্বাহক ৰঞ্জন কলিতা, উপদেষ্টা ৰজমিল আলীৰ লগতে বহু লোক উপস্থিত থাকে ।

Exit mobile version