দ্বিতীয়টো কাৰ্যকালৰ কাৰণে শপত গ্ৰহণ কৰিলে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জেছিণ্ডা আৰ্ডেনে

WhatsApp Image 2020 11 07 at 12.49.43 PM

“নতুন মন্ত্ৰীসভাক সোঁৱাৰাই দিছো আমি বহু ডাঙৰ দায়িত্ব লৈ কাম কৰি যাব লাগিব। বহু প্ৰত্যাহ্বানমূলক পৰিস্থিতি আহিব যিবোৰ আমি একত্ৰিতভাৱে মোকাবিলা কৰিব লাগিব।‘’একেৰাহে দ্বিতীয়টো কাৰ্যকালৰ বাবে শুক্ৰবাৰে শপত গ্ৰহণ কৰি নিউজিলেণ্ডৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী জেছিণ্ডা আৰডাৰ্নে এই মন্তব্য কৰে ৷

জেছিণ্ডাৰ লগতে তেওঁৰ মন্ত্ৰীসভাৰ আন নতুন সদস্যসকলেও শপত লয়। আনহাতে মন্ত্ৰীসভা গঠনৰ পূৰ্বেই জেছিণ্ডাই এখন বৈচিত্ৰপূৰ্ণ মন্ত্ৰীসভা গঠন কৰিব বুলি জানিবলৈ দিছিল।

ইপিনে জেছিণ্ডাৰ কেবিনেট মহিলা, আদিবাসী তথা সমকামী সকলোকে লৈ গঠিত হৈছে। তেওঁৰ মন্ত্ৰীসভাত উপ প্ৰধান মন্ত্ৰীৰ দায়িত্ব লাভ কৰিছে সমকামী গ্ৰেন্ট ৰবাৰ্টছনে।সেইদৰে বৈদেশিক পৰিক্ৰমা বিভাগৰ দায়িত্ব দিয়া হৈছে মাউৰি সম্প্ৰদায়ৰ নেতা নানায়া মাহুতাক।

উল্লেখযোগ্য যে সমগ্ৰ বিশ্বত কৰ’নাই মহামাৰী ৰূপ ধাৰণ কৰাৰ সময়তে জেচিণ্ডাই কৰ’না প্ৰতিৰোধত অসাধাৰণ কৃতিত্ব লাভ কৰিছিল । ইয়াৰ পাছতে জেচিণ্ডা জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহন কৰিছিল ৷ কৰ’না প্ৰতিৰোধৰ ক্ষেত্ৰত অসাধাৰণ সাফল্য লাভ পাছত যোৱা মাহত অনুষ্ঠিত সাধাৰণ নিৰ্বাচনত জেছিণ্ডা আৰডাৰ্ন ব্যাপক ভোটত বিজয়ী হয়।

Exit mobile version