বিহাৰবাসীলৈ প্ৰধানমন্ত্ৰী মোডীৰ আহ্বান” ভোটাধিকাৰ সাব্যস্ত কৰি অভিলেখ সৃষ্টি কৰক”

WhatsApp Image 2020 11 07 at 12.25.41 PM

বিহাৰ বিধানসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভোটাৰসকলক নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি অভিলেখ সৃষ্টি কৰিবলৈ আহ্বান কৰিছে ।

কৰ’না ভাইৰাছৰ মাজতে আজি বিহাৰত ভোট গ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে। বিহাৰত ২৪৩ খন বিধানসভা আসনৰ ভিতৰত ৭৪ খন আসনত ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে।

টুইটাৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয়” বিহাৰ বিধানসভা নিৰ্বাচনত আজি তৃতীয় আৰু অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। সকলো ভোটাৰলৈ মোৰ আহ্বান যে তেওঁলোকে যাতে সকলোৱে গণতন্ত্ৰৰ এই ভোটগ্ৰহণ প্ৰক্ৰিয়াত অংশ লয় আৰু অভিলেখ সৃষ্টি কৰে ৷লগতে মাস্ক পৰিধান কৰা আৰু সামাজিক দূৰত্ব বৰ্তাই ৰখাটো গুৰুত্ব প্ৰদান কৰে।”

আজি বিহাৰৰ ২৪৩ খন বিধানসভাত তৃতীয় আৰু অন্তিম পৰ্যায়ৰ নিৰ্বাচনত ১৫ খন জিলাত ৭৮ বিধানসভা আসনত শনিবাৰে অৰ্থাৎ আজি ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হয়। এই ভোট গ্ৰহণ প্ৰক্ৰিয়াত প্ৰায় ২.৩৪ কোটি ভোট দাতাই ১২০৪ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৷

বিগত সময়ত বিহাৰ বিধানসভা নিৰ্বাচনী প্ৰচাৰত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং,দলৰ ৰাষ্ট্ৰীয় অধ্যক্ষ প্ৰকাশ নড্ডা আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে অংশ লৈছিল।

Exit mobile version