মিজো দুস্কৃতিকাৰীয়ে বিস্ফোৰণ কৰা বিদ্যালয়ৰ বুজ ল’বলৈ ঘটনাস্থলীত উপস্থিত কাছাৰ জিলাৰ উপায়ুক্ত কৃত্তি জল্লী আৰু আৰক্ষী অধীক্ষক বি এল মিনা

3c5033a3 a905 4583 93c8 e8f0e7f24b8f

শুক্ৰবাৰে নিশা অসম মিজোৰাম সীমান্তৰ  Upper Painom বিদ্যালয়ত মিজো দুষ্কৃতিকাৰীয়ে বোমা বিস্ফোৰণ কৰি তচনচ কৰাৰ পাছতেই আজি সেই বিদ্যালয়খনত গৈ উপস্থিত হয় কাছাৰৰ জিলা উপায়ুক্ত কৃত্তি জল্লী আৰু আৰক্ষী অধীক্ষ বি এল মিনা৷ ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে কাছাৰৰ উপায়ুক্ত কৃত্তি জল্লীয়ে সমস্ত ঘটনাৰ তদন্ত চলি আছে বুলি মন্তব্য কৰে ৷

ইপিনে বিদ্যালয়খনৰ বিস্ফোৰণৰ দৃশ্যলৈ লক্ষ্য দেখিলে অনুমান কৰা যায় যে বিদ্যালয়খনত মিজো দুস্কৃতিকাৰীয়ে বহু শক্তিশালী বোমা বিস্ফোৰণ কৰিছিল ৷ স্থানীয় লোকসকলৰ মতে নিশা এই বিদ্যালয়খনত একেলগে কে’বাটাও বিস্ফোৰণ কৰিছে দুস্কৃতিকাৰীয়ে ৷ স্থানীয় লোকৰ মন্তব্য যে বৰ্তমান এই স্থান মিজোৰ দখলত আছে ৷ যাৰবাবে তেওঁলোকে অসম চৰকাৰে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছে ৷

আনহাতে শতাধিক মিজো যুৱক-যুৱতীসকলে হাতত বন্দুক লৈ সেই বিদ্যালয়ৰ কাষত টহল দিয়াত দেখা যায় ৷ আনকি কাছাৰৰ আৰক্ষী অধীক্ষক আৰু জিলা উপায়ুক্তৰ সম্মুখতেই হাতত বন্দুক লৈ চলাচল কৰিছিল তেওঁলোকে ৷ ৰহস্যজনকভাৱে এই সকলোবোৰ দেখি শুনিও নিৰব দৰ্শকৰ ভূমিকাত অৱতীৰ্ণ হৈছে আৰক্ষী৷ এক কথাত মিজোসকলৰ ওচৰত সম্পূৰ্ণ আত্মসমৰ্পণ কৰিছে বিষয়ববীয়াসকলে ৷

ইপিনে মিজোৰামৰ ফৰেণছিকৰ এটা দল আহি অসমৰ বিদ্যালয়খনত তদন্ত কৰা দেখা গৈছে ৷ কি কাৰণে তেওঁলোকে অসমৰ ভূমিত আহি তদন্ত কৰিছে এতিয়ালৈকে জানিব পৰা নাই ।উল্লেখ্য যে এই সমস্ত ঘটনাৰ বুজ ল’বলৈ পুনৰ কাছাৰত উপস্থিত হৈছে ADGP মুকেশ আগৰৱালা ৷আগৰৱালাই ঘটনাস্থলী পৰিদৰ্শন কৰিব বুলি জানিব পৰা গৈছে ৷

Exit mobile version