কাৰ্বি আংলঙৰ বোকাজান মহকুমাৰ অন্তৰ্গত নামবৰ নদী টি কোম্পানীৰ অধীনৰ নামবৰ নদী চাহ বাগিছাৰ বিক্ৰী প্ৰসঙ্গই সম্প্ৰতি এক নতুন দিশলৈ গতি কৰিছে ৷ যোৱা ৩০ অক্টোবৰত কাৰ্বি আংলং স্বায়ত্ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সদলবলে বাগিছাখনত উপস্থিত হৈ বাগিছাখন তেওঁৰ ভ্ৰাতৃ ৰবিৰাম ৰংহাঙে ক্ৰয় কৰা বুলি দাবী কৰাৰ পাছতেই বাগিছাখনত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷
তুলিৰাম ৰংহাঙে জনৈক ৰক্তিম হাজৰিকা নামৰে নিজকে বাগিছাখনৰ মালিক বুলি পৰিচয় দিয়া এজন লোকৰ পৰা তেওঁৰ ভ্ৰাতৃয়ে ক্ৰয় কৰা বুলি জানিবলৈ দিয়ে ৷ আনহাতে ভাৰতীয় চাহ নিগমৰ সভাপতি তথা নামবৰ নদী চাহ বাগিছাত নব্বৈ শতাংশ অংশ থকা মাধৱ কমল বেজবৰুৱাই ৰক্তিম হাজৰিকা নামৰ কোনো লোক নামবৰ নদী চাহ বাগিছাৰ মালিক নহয় বুলি স্পষ্ট কৰাৰ লগতে কয় যে নামবৰ নদী চাহ বাগিছা এশ তেৰজন অংশীদাৰেৰে কোম্পানীৰ অধীনৰ বাগিছা ৷
দুয়োপক্ষৰ মাজত বাদানুবাদ সৃষ্টি হোৱাৰ পাছতেই বৰপথাৰ থানাত দুয়োটা পক্ষই পৃথকে পৃথকে এজাহাৰ দাখিল কৰে ৷ এই এজাহাৰৰ ভিত্তিতেই আৰক্ষীয়ে তদন্ত চলাই কালি চৰাইদেউ জিলাৰ সাপেখাটী থানাৰ অন্তৰ্গত ঘোৰাজান চাহ বাগানত মেনেজাৰ হিচাবে যোগদান কৰা ৰুচিনাথ চাংমাই নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ পৰা নগদ চৈধ্য লাখ আঠাইশ হাজাৰ টকা জব্দ কৰে ৷
উল্লেখযোগ্য যে ধৃত চাংমাইয়ে নামবৰ নদী বাগিছাতো মেনেজাৰ হিচাবে কৰ্মৰত আছিল যদিও তেওঁৰ কৰ্মকাণ্ডত সন্দিহান হৈ কৰ্তৃপক্ষই বৰ্খাস্ত কৰিছিল আৰু লগে লগেই তেওঁ ঘোৰাজান বাগানত কৰ্মত যোগদান কৰিছিল ৷ বিশেষসূত্ৰত জানিব পৰা মতে ৰুচিনাথ চাংমাই আৰু ৰক্তিম হাজৰিকা নামৰ লোকজনে যৌথভাবে এই প্ৰৱঞ্চনাত জৰিত হৈ পৰিছিল ৷
ৰক্তিম হাজৰিকাই মেনেজাৰ চাংমাইক ধনৰ প্ৰলোভন দেখুৱাই নিজকে নামবৰ নদী চাহ বাগিছাৰ মালিক হিচাবে ক্ৰয় কৰিব বিচৰা পক্ষৰ ওচৰত প্ৰতিষ্ঠিত কৰিছিল ৷ প্ৰায় পোন্ধৰ লাখ টকাৰ আগধন হিচাবে চাংমাইক দিয়াৰ লগতে সমগ্ৰ প্ৰক্ৰিয়াটো শেষ হোৱাৰ পাছত অধিক ধন প্ৰদান কৰাৰ কথা আছিল ৷
আজি আৰক্ষীয়ে চাংমাইক আদালতত হাজিৰ কৰাই পুনৰ নিজৰ জিন্মাত বিচৰাৰ সম্ভাৱনা আছে৷ইপিনে ঘটনাৰ মূল অভিযুক্তক এতিয়াও কৰায়ত্ত কৰিব পৰা নাই আৰক্ষীয়ে ৷আনহাতে এই ঘটনাত যে আৰু বহু লোক জৰিত যে আছে তাৰো ইংগিত পোৱা গৈছে ৷