“আগন্তুক বিটিচি পৰিষদ গঠন কৰিব বিপিএফে” : হাগ্ৰামা মহিলাৰী

Hagrama Mohilary 1

আগন্তুক বিটিচি নিৰ্বাচনৰ বাবে ব্যাপক ভাৱে নিৰ্বাচনী প্ৰচাৰ চলিছে বিটিচিত । আজি ওদালগুৰিত মাজবাটৰ এক সভাত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে অংশগ্ৰহণ কৰি কয় যে, “বিটিচি চৰকাৰে বিটিচি অঞ্চলত ৰাজ্যপাল শাসন প্ৰৱৰ্তন কৰি মোক গ্ৰেপ্তাৰ কৰিব বিচাৰিছে যদিও বিগত ছয় মাহে মোক গ্ৰেপ্তাৰ কৰিব পৰা নাই । আগন্তুক বিটিচি পৰিষদ বিপিএফে গঠন কৰিব ।”

ADVERTISEMENT

আনহাতে, বিপিএফৰ নেতা বিশ্বজিৎ দৈমাৰীয়ে বিজেপিলৈ যোৱাৰ চৰ্চা চলি থকাৰ সন্দৰ্ভত হাগ্ৰামাই জ্ঞাত নহয় বুলি কয় । ইপিনে, সভাত অংশগ্ৰহণ কৰি বিপিএফৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক প্ৰবীন বড়োৱে কয় যে বিজেপিৰ টকাৰে ইউপিপিএলে নিৰ্বাচনী প্ৰচাৰ চলাই আহিছে । গতিকে হিমন্ত‌ই নিজৰ ভাষণত নাঙলৰ দিন নাই, ট্ৰেক্টৰৰ দিন থকা বুলিহে উল্লেখ কৰে ।

লগতে ইউপিপিএৰ ফালৰ পৰা বিটিচি চীফ হব পাৰিলে বিজেপিয়ে পুতলাৰ দৰে নচুৱাব পাৰিব । বিটিচিত বিজেপিৰ সাংগঠনিক ভেটি নাছিল বাবে নিৰ্বাচন পিছুৱাই আছিল আৰু ৰাজ্যপাল শাসন প্ৰৱৰ্তন কৰিছিল । ইফালে বিশ্বজিৎ দৈমাৰীয়ে বিটিআৰ চুক্তি সমৰ্থন কৰা বাবে বিপিএফৰ স’তে মনোমালিন্য হোৱা বুলি উল্লেখ কৰে ।

Exit mobile version