“এতিয়া আমেৰিকা সুস্থ হৈ উঠাৰ সময়”

0a8c6dfa GettyImages 1229519752

আমেৰিকা ৰাষ্ট্ৰপতি নিৰ্বাচনত জ’ বাইডেনে শনিবাৰে তীব্র প্ৰতিদ্বন্দিতাৰ মাজেৰে জয়লাভ কৰাৰ প্ৰথম দিনটোত দিয়া বক্তৃতাত আমেৰিকা সুস্থ হোৱাৰ সময় ঘোষণা কৰে । অৱশ্যে জ’ বাইডেনৰ এই জয়লাভক ডনাল্ড ট্ৰাম্পে অস্বীকাৰ কৰে ‌।

“এইখন ৰাষ্ট্ৰৰ জনসাধাৰণৰ মত । তেওঁলোকে মোক এক স্পষ্টৰূপত জয়ী কৰিলে ।” বাইডেনে নিজ গৃহচহৰ ৱিলিংটনত জয়লাভৰ ভাষণত এনেদৰে সম্বোধন কৰি সমৰ্থক সকলক উৎফুল্লিত কৰা দেখা গ’ল । লগতে একতা সমন্বয়ত গুৰুত্ব আৰোপ কৰাৰ সন্দৰ্ভত জ’ বাইডেনে ৰাষ্ট্ৰপতি হিচাপে প্ৰতিজ্ঞা কৰে ।

ইয়াৰ উপৰিও ভাষণত কয়, “এতিয়া অন্য এক সুযোগক স্থান দিয়া হওক । এয়া কঠোৰ বাক-বিতণ্ডা দূৰ কৰা, তাপমাত্ৰা দূৰ কৰা, ইজনে আনজনক চোৱাৰ সময় আৰু ইজনে আনজনৰ কথা শুনাৰ সময় ।” লগতে কয়, এতিয়া আমেৰিকা সুস্থ হৈ উঠাৰ সময় ।

বাইডেনে লগতে আমেৰিকাৰ চিনেটৰ কৃষ্ণাংগ আমেৰিকান মহিলা তথা ভাৰতীয় বংশোদ্ভৱৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব গ্ৰহণ কৰিব লগা কমলা হেৰিছৰ স’তে ৰাষ্ট্রবাসীক পৰিচয় কৰাই দিয়ে ।

Exit mobile version