কৰ’না সংক্ৰমণঃ ডেনমাৰ্কত এক কোটি ৭০ লাখ মিঙ্ক হত্যা অভিযান

53559414 303

কৰ’না ভাইৰাছৰ সংক্ৰমণৰ আতংকত প্ৰায় এক কোটি ৭০ লাখ মিঙ্ক মাৰি পেলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ডেনমাৰ্ক চৰকাৰে। এই ক্ষেত্ৰত ইতিমধ্যে হত্যালীলাৰ অভিযান আৰম্ভ কৰিও দিয়া হৈছে। উৎকৃষ্ট মানৰ গৰম কাপোৰৰ বাবে ইউৰোপৰ বিভিন্ন দেশত মিঙ্কৰ প্ৰতিপালন কৰা হয়। আৱদ্ধ অৱস্থাৰ সমান্তৰালভাৱে প্ৰকৃতিৰ মুক্ত পৰিৱেশতো মিঙ্কৰ বিচৰণ দেখিবলৈ পোৱা যায়।

ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেট ফ্ৰেডৰিকচনে মিঙ্ক নিধনৰ ঘোষণা কৰি কয়, ‘বহু মিঙ্কৰ দেহত কৰ’নাৰ নতুন এটা ৰূপান্তৰিত ভাইৰাছৰ সন্ধান লাভ কৰা হৈছে। মানৱ শৰীৰত ইয়াৰ সংক্ৰমণৰ প্ৰমাণো লাভ কৰা হৈছে। ভাইৰাছৰ এই নতুন প্ৰজাতিয়ে মানৱ শৰীৰত ‘এণ্টিবডিৰ কাৰ্যকৰিতা হ্ৰাস কৰিছে। এনে পৰিস্থিতিত ডেনমাৰ্কৰ নাগৰিক তথা বিশ্ববাশীৰ প্ৰতি থকা বৃহত্তৰ দায়বদ্ধতাক স্বীকাৰ কৰিয়ে আমি এই সিদ্ধান্ত গ্ৰহণ কৰিছো।’

সম্প্ৰতি হোমগাৰ্ড আৰু আৰক্ষীৰ লগতে সেনাবাহিনীকো মিঙ্ক নিধনৰ দায়িত্ব দিয়া হৈছে। দেশখনৰ আভ্যন্তৰীণ বিষয়ক দপ্তৰৰ পৰা জনোৱা অনুসৰি কৰ’না সংক্ৰমণৰ বাবে উত্তৰ ডেনমাৰ্কৰ বিভিন্ন নগৰত পুনৰ তলাবন্ধ কৰিবলৈ চিন্তা-চৰ্চা কৰা হৈছে। যোৱা বৃহস্পতিবাৰৰ তথ্য অনুসৰি দেশখনৰ পাঁচতা মিঙ্ক প্ৰতিপালন কৰা স্থানৰ ১২ জনৰ দেহত কৰ’না ভাইৰাছৰ সন্ধান লাভ কৰা হৈছে।

উল্লেখ্য যে ডেনমাৰ্কে বিশ্বৰ ভিতৰতে সবাতোকৈ অধিক মিঙ্কৰ পৰা গৰম কাপোৰ উৎপাদনকাৰী দেশ। যোৱা জুনত নেদাৰলেণ্ড চৰকাৰে প্ৰথমে মিঙ্ক নিধন প্ৰক্ৰিয়া আৰম্ভ কৰে। নেডাৰলেণ্ডত কে’বালাখ মিঙ্ক নিধন কৰা হৈছে ।

পৰৱৰ্তী সময়ত স্পেইনত বিষাক্ত গেছ ব্যৱহাৰ কৰি লক্ষাধিক মিঙ্ক হত্যা কৰা হয়। নেডাৰলেণ্ড আৰু স্পেইনত নমুনা পৰীক্ষা কৰাৰ পাছত কৰ’না ভাইৰাছৰ উপস্থিতি লাভ কৰা হৈছিল। কৰ’নাৰ বাবে এনেদৰে প্ৰাণী হত্যা কৰাটো অৱশ্যে এয়াই প্ৰথম যদিও সন্দেহৰ আৱৰ্তত আৰু বহু প্ৰাণীক ৰখা হৈছে ।

Exit mobile version