নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে বাক্সাত গণ সুৰক্ষা পাৰ্টিৰ চাইকেল ৰেলী

WhatsApp Image 2020 11 08 at 5.41.01 PM

বিটিচি নিৰ্বাচনৰ আনুষ্ঠানিক ঘোষণা হোৱা নাই যদিও বাক্সা জিলাত বিটিচি নিৰ্বাচনৰ বাবে বিভিন্ন দল সংগঠনে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হৈছে । ২২ নং ককলাবাৰী পৰিষদীয় সমষ্টিৰ জালাহ এলেকাত আজি গণ সুৰক্ষা পাৰ্টি, অবড়ো সুৰক্ষা সমিতি আৰু অবড়ো যুৱ মঞ্চৰ উদ্যোগত এক চাইকেল ৰেলী উলিয়াই নিৰ্বাচনী প্ৰচাৰ চলায় ।

ককলাবাৰী পৰিষদীয় সমষ্টিৰ অবড়ো সুৰক্ষা সমিতি আৰু গণ সুৰক্ষা পাৰ্টিৰ সমৰ্থিত প্ৰাৰ্থী মৃদুল দাসে চাইকেল ৰেলীটো উদ্বোধন কৰি নিজে চাইকেল চলাই ৰেলীত অংশগ্ৰহণ কৰে ।

ৰেলীটো উদ্বোধন কৰি গণ সুৰক্ষা পাৰ্টিৰ প্ৰাৰ্থী মৃদুল দাসে ককলাবাৰী পৰিষদীয় সমষ্টিৰ লগতে সমগ্র বিটিএডিত ২৫ ৰ পৰা ৩০ খন আসন লাভ কৰি পৰিষদ গঠন কৰিব বুলি মন্তব্য কৰে ৷ প্ৰমোদ বড়োৱে ককলাবাৰী পৰিষদীয় সমষ্টিত পৰাজয় লাভ কৰিব বুলিও কয় জিএছপিৰ প্ৰাৰ্থী মৃদুল দাসে ৷

জিএছপিৰ এই চাইকেল ৰেলীটো আজি জালাহস্থিত অবড়ো সুৰক্ষা সমিতিৰ কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি আলিগুৰি, কদমগুৰি, বিলপাৰ, জালাহ গাঁও হৈ খাগ্ৰাবাৰী, ঠুকুৰীয়া চুপা, নাওশালীলৈকে ৰাওনা হয় ৷

Exit mobile version